An edition of Animal Diversity (2020)

Animal Diversity by L R Saikia

First edition
  • 5.0 (1 rating) ·
  • 1 Want to read
  • 1 Have read
Locate

My Reading Lists:

Create a new list

Check-In

×Close
Add an optional check-in date. Check-in dates are used to track yearly reading goals.
Today

  • 5.0 (1 rating) ·
  • 1 Want to read
  • 1 Have read

Buy this book

Last edited by ImportBot
April 12, 2021 | History
An edition of Animal Diversity (2020)

Animal Diversity by L R Saikia

First edition
  • 5.0 (1 rating) ·
  • 1 Want to read
  • 1 Have read

২০১৯ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতবর্ষৰ আন আন বিশ্ববিদ্যালয়সমূহৰ লগত সংগতি ৰাখি স্নাতক মহলাত ষাণ্মাসিক পাঠ্যক্ৰমত ‘পছন্দভিত্তিক আধাৰিত আকলন পদ্ধতি’ (Choice Based Credit System/CBCS) প্রৱর্তন কৰিছে। সেয়েহে, ষান্মাসিক অনুক্ৰমে পাঠ্যক্ৰমসমূহ উপলব্ধ হোৱাকৈ নতুন পাঠ্যপুঠিৰ প্রয়োজনবোধ আহি পৰিছে। এই উদ্দেশ্য আগত ৰাখিয়েই গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রথম ষাণ্মাসিক প্রাণীবিজ্ঞান বিষয়ৰ (সাধাৰণ) প্রাণী বৈচিত্ৰ্যৰ অধ্যায় কেইটা সামৰি “স্নাতক মহলাৰ প্রাণীবিজ্ঞান : প্রাণী বৈচিত্ৰ্য” নামৰ পাঠ্যপুথিখন যুগুতাই উলিওৱা হৈছে। সর্বভাৰতীয় পাঠ্যক্ৰমৰ আর্হিত প্রাণীবিজ্ঞানৰ ইংৰাজী মাধ্যমৰ কিতাপৰ বিশেষ অভাৱ পৰিলক্ষিত হোৱা নাই যদিও প্রাণীবিজ্ঞানৰ অসমীয়া মাধ্যমৰ তথ্য সম্বলিত কিতাপৰ যথেষ্ট অভাৱ। সেয়েহে অসমীয়া মাধ্যমত স্নাতক মহলাৰ প্রাণীবিজ্ঞান বিষয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে এই পাঠ্য পুথিখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ নির্দেশনা অনুসৰি “আৰ. ডি. বাৰনেচ”ৰ ‘অকশেৰুকী প্রাণী’ পুথিখনৰ পঞ্চম সংস্কৰণ (R.D. Barnes, Invertebrate Zoology, 5th Edition) আৰু জে. জেদ, ইয়ঙৰ ‘কশেৰুকী প্রাণীৰ জীৱন’ নামৰ পুথিখনৰ তৃতীয় সংস্কৰণৰ (J.Z. Young The Life of Vertebrates, 3rd Edition) মতে ক্ৰমে অমেৰুদণ্ডী আৰু মেৰুদণ্ডী প্রাণীবোৰক শ্রেণীবিভাজন কৰি কৰি যুগুতাই উলিওৱা হৈছে। আশা কৰো কিতাপখনে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰা সমাদাৰ লাভ কৰিব পাৰিব লগতে পাঠদান আৰু গ্রহণৰ ক্ষেত্ৰত সহায় কৰিব।
আঞ্চলিক ভাষাত বিজ্ঞান চর্চাৰ ডাঙৰ সমস্যাটো হ’ল উপযুক্ত বৈজ্ঞানিক পৰিভাষা। এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা’ নামৰ পুথিখনৰ সহায় লোৱা হৈছে। কিছু ক্ষেত্ৰত আসোঁৱাহপূর্ণ অসমীয়া প্রতিশব্দৰ পৰিবর্তে ইংৰাজী শব্দকেই পোনপতীয়াকৈ ব্যৱহাৰ কৰা হৈছে।
বিজ্ঞান বিষয়ক কিতাপ আঞ্চলিক ভাষাত যুগুতাই উলিওৱাত কিছু ভুল-ভ্রান্তি, আসোঁৱাহ আদি থাকি যোৱাতো স্বাভাৱিক। সেয়েহে সন্মানীয় শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুৰাগী ব্যক্তিসকলে আসোঁৱাহ দেখিলে দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনালো যাতে পৰৱর্তী সংস্কৰণত আসোঁৱাহসমূহ আঁতৰাব পাৰো।
সদৌ শেষত পুথিখন প্রকাশৰ দায়িত্ব গ্রহণ কৰাৰ বাবে “কল্যানী প্রকাশন”ৰ স্বত্বাধীকাৰী আৰু কর্মচাৰীবৃন্দৰ লগতে শুভকাংক্ষীসকলৰ কৃতজ্ঞতা স্বীকাৰ কৰি সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

২০ ছেপ্তেম্বৰ, ২০২০ লিখক

Publish Date
Publisher
Kalyani Publishers
Language
Assamese
Pages
254

Buy this book

Edition Availability
Cover of: Animal Diversity by L R Saikia
Animal Diversity by L R Saikia
2020, Kalyani Publishers
Paperback in Assamese - First edition
Cover of: Animal Diversity
Animal Diversity
2020, Kalyani Publishers
Paperback

Add another edition?

Book Details


First Sentence

"1 প্রটিষ্টা Protista জীৱবিলাকৰ নামকৰণ আৰু বর্গীকৰণ প্রক্ৰিয়াৰ আৰম্ভণীকেই মানৱ সভ্যতাৰ বিকাশৰ আৰম্ভণী বুলি ক’ব পাৰি। হাজাৰ হাজাৰ বছৰ আগৰে পৰা মানুহে উদ্ভিদ, প্রাণী, ভেঁকুৰ আদিৰ বিষয়ে শিকিবলৈ উৎসুক আছিল। ইয়াৰে কোনবোৰ উদ্ভিদ খোৱাৰ বাবে যোগ্য, কোনবিলাক বিষাক্ত, কোনবিলাকৰ ঔষধি গুণ আছে ইত্যাদি অধ্যয়ন কৰি লগৰ গোটৰ সদস্যবিলাকৰ লগত ভাৱৰ আদান-প্রদান কৰিছিল। লিপিৰ সৃষ্টি আৰু ভাষাৰ জন্মৰ পাছত হিপ্পক্ৰেটচ্‌য়ে (Hippocrates, 460 – 377 B.C) তেওঁৰ লিখনিত জীৱৰ প্রকাৰৰ বিষয়ে বর্ণনা কৰিছিল। জীৱৰ প্রকৃত বর্গীকৰণৰ শুভাৰম্ভ হৈছিল এৰিষ্ট’টলৰ (384 -322 B.C) সময়ৰ পৰা। তেওঁ কিছুমান বাহ্যিক অংগসংস্থানৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি উদ্ভিদবোৰক বৃক্ষ (Tree), গুল্ম (Shrubs) আৰু শাক-বন (Herbs) হিচা-পে বর্গীকৰণ কৰিছিল। এৰিষ্টটলেই প্রাণীসমূহক জীৱন ধাৰণ প্রক্ৰিয়া, স্বভাৱ আৰু অংগসংস্থানৰ ওপৰত ভিত্তি কৰি সিহঁতৰ শ্রেণীবিভাজনত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৱেই প্রথমতে প্রাণীবোৰক অধোহনুযুক্ত (Mandibulate) আৰু শোষণাংগযুক্ত (Haustellate) হিচাপে প্রভেদ বর্ণনা কৰিছিল আৰু প্রাণীবিলাকক ৰঙা তেজযুক্ত আৰু ৰঙা তেজ নথকা বুলি দুটা ভাগত ভাগ কৰিছিল। এৰিষ্টটলৰ বর্গীকৰণ আছিল যুক্তিভিত্তিক বিভাজন। বর্তমান যুগৰ বর্গীকৰণ বিজ্ঞানো এৰিষ্টটলৰ বর্গীকৰণ বিজ্ঞানৰে প্রতিফলন বুলিব পাৰি আৰু সেয়েহে এৰিষ্টটলক “শ্রেণীবিভাজন বিজ্ঞানৰ জনক” বুলি কোৱা হয়। কেৰ’লাছ লিনিয়াছে (Carolus Linnaeus) জীৱসমূহক দুখন ৰাজ্যত ভাগ কৰিছিল, যেনে – প্লেণ্টি (Plantae) আৰু এনিমেলিয়া (Animalia)। প্লেণ্টিৰ ভিতৰত সকলোবোৰ সেউজীয়া উদ্ভিদ যিয়ে একে ঠাইতে স্থিৰ হৈ থাকি চাৰিওফালে ডাল, পাত আদি প্রসাৰিত কৰি নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পৰা জীৱবোৰক অন্তর্ভুক্ত কৰিছিল। আনহাতে, নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰা গতিশীল, দৃঢ় শৰীৰযুক্ত জীৱ অর্থাৎ সকলোবোৰ প্রাণীক এনিমেলিয়া ৰাজ্যৰ অন্তর্ভুক্ত কৰিছিল। দুই ৰাজ্যত থকা আসোঁৱাহসমূহ দূৰ কৰিবলৈ জার্মান প্রাণীবিদ Ernst Haekel য়ে (1866) জীৱৰ বর্গীকৰণৰ তিনিৰাজ্য পদ্ধতি আগবঢ়ায়। তেওঁ প্রথমে কলাৰ বিভিন্নতা নথকা বাবে সকলোবোৰ এককোষী প্রাণী, শেলাই আৰু ভেকুঁৰক প্লেণ্টি আৰু এনিমেলিয়াৰ পৰা পৃথক কৰি প্রটিষ্টা (Prostista) নামৰ এখন ৰাজ্যত অন্তর্ভুক্ত কৰিছিল। পাছত বহুকোষীয় শেলাই আৰু ভেঁকুৰক বাদ দি প্লেণ্টি বা এনিমেলিয়া কোনো এখন ৰাজ্যতে অন্তর্ভুক্ত কৰিব নোৱাৰা এককোষীয় অণুজীৱবোৰক প্রটিষ্টা ৰাজ্যৰ অন্তর্ভুক্ত কৰিছিল। ইলেকট্রন অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পাছত এককোষী জীৱবোৰক পৰীক্ষা কৰি দেখা গ’ল যে কিছুমানৰ কোষত কোষকেন্দ্রাৱৰণে আবৃত প্রকৃত কোষকেন্দ্র থকাৰ উপৰিও আৱৰণযুক্ত কোষ অংগাণু থাকে আৰু কিছুমানত নেথাকে। অর্থাৎ কিছুমান জীৱ সংকোষকেন্দ্রীয় আৰু কিছুমান জীৱ প্রকোষকেন্দ্রীয়। তেতিয়া, H. F. Copeland (1956) য়ে বেক্টেৰিয়া আদি জীৱসমূহক মনেৰা (Monera) নামৰ অন্য এখন ৰাজ্যৰ অন্তর্ভুক্ত কৰে। Copeland য়ে জীৱসমূহক 4 টা ভাগত ভাগ কৰিছিল, যেনে -(i) মনেৰা (বেক্টেৰিয়া, নীল-সেউজীয়া শেলাই আদি সকলোবোৰ প্রকোষকেন্দ্রীয় কোষ) (ii) প্রটিষ্টা (নিম্নশ্রেণীৰ সকলোবোৰ এককোষী বা বহুকোষী সংকোষকেন্দ্রীয় জীৱ (iii) মেটাফাইটা (কোষবোৰ চেলুলোজেৰে গঠিত হৰিৎকণাযুক্ত উচ্চ শ্রেণীৰ সকলোবোৰ বহুকোষীয়সংকোষকেন্দ্রীয় জীৱ) (iv) মেটায’ৱা (জীৱকোষবেৰ আৰু হৰিৎকণাবিহীন সকলো-বোৰ উচ্চশ্রেণীৰ বহুকোষীয় সংকোষকেন্দ্রীয় জীৱ) পূর্বৰ জীৱজগতৰ বর্গীকৰণত থকা আসোঁৱাহসমূহ দূৰ কৰিবলৈ উদ্ভিদ বাস্তব্যবিদ (Plant ecologist) ৰবার্ট এইচ হুইটেকাৰে (Robert H. Whittaker, 1969) জীৱজগতৰ বর্গীকৰণৰ পঞ্চৰাজ্য পদ্ধতি আগবঢ়াইছিল। তেওঁ ক’পলেণ্ডৰ (Copeland) চাৰিৰাজ্য পদ্ধতিত থকা পৰপোষী অর্থাৎ সালোকসংশ্লেষণৰ দ্বাৰা খাদ্য প্রস্তুত কৰিব নোৱাৰা জীৱবোৰক পৃথক কৰি সিহঁতক “ভেঁকুৰ” (Fungi) নামৰ সুকীয়া ৰাজ্য এখনত অন্তর্ভুক্ত কৰিছিল। হুইটেকাৰে জীৱবোৰক মুঠ পাঁচখন ৰাজ্যত বিভক্ত কৰিছিল আৰু জীৱবোৰক পাঁচখন ৰাজ্যত অন্তর্ভুক্ত কৰোতে মূল কেইটামান লক্ষণ বা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰিছিল। হুইটেকাৰৰ (Whittaker) জীৱৰ পঞ্চৰাজ্য হ’ল – মনেৰা (Monera), প্রটিষ্টা (Prostista), প্লেণ্টি (Plantae), ভেঁকুৰ (Fungi) আৰু প্রাণীৰাজ্য (Animalia)। মনেৰা ৰাজ্যৰ জীৱবোৰ সৰল, আদিম প্রকৃতিৰ, আনুবীক্ষণিক প্রকোষকেন্দ্রীয় জীৱ। ইহঁতৰ কোষাকেন্দ্রাৱৰণে আবৃত প্রকৃত কোষকেন্দ্র, হৰিৎকণা, মাইট’কন্দ্রিয়া, অন্তপ্রৰসীয় জালিকা, গলগি সংঘ আদি কোষ অংগাণু থাকে। ইহঁতৰ DNA ত হিষ্টন প্র’টিন নেথাকে বাবে নগ্ন অৱস্থাত থাকে। এই ৰাজ্যৰ জীৱবোৰ মৃতজীৱী, পৰজীৱী, সহজীৱি অথবা স্বপোষী হয়। স্বপোষীবোৰৰ কিছুমান সালোকসংশ্লেষণকাৰী আৰু কিছুমান ৰসায়নসংশ্লেষী, উদাহৰণ – নীল সেউজীয়া শেলাই, প্রকৃত বেক্টেৰিয়া (Eubacteria), আদ্য বা প্রাচীন বেক্টেৰিয়া (Archaebacteria) আদি। 1.1. প্রটিষ্টা ৰাজ্য (Kingdom Protista): সকলোবোৰ এককোষী সংকোষকেন্দ্রীয় আনুবীক্ষণীক জীৱক প্রটিষ্টা ৰাজ্যত ৰখা হৈছে। এই ৰাজ্যৰ জীৱসমূহে উদ্ভিদ আৰু প্রাণী দুয়োবিধৰে চৰিত্ৰ দেখুৱায়। সেয়েহে, এনে জীৱসমূহক উদ্ভিদ বা প্রাণী কোনো ৰাজ্যতে অন্তর্ভুক্ত নকৰি “প্রটিষ্টা” নামৰ এখন পৃথক ৰাজ্যত ৰখা হৈছে। জাতিবৃত্তীয় ফালৰ পৰা এই ৰাজ্যৰ জীৱসমূহ প্রকোষকেন্দ্রীয় মনেৰা ৰাজ্যৰ জীৱ আৰু ভেঁকুৰ, উদ্ভিদ, প্রাণী আদি সংকোষকেন্দ্রীয় বহুকোষী জীৱৰ মাজত যোগসূত্ৰ (Connecting link)। এই ৰাজ্যৰ বেছিভাগ জীৱ জলজ আৰু ধীৰ প্লাৱক (Plankton)। খুউব কম সংখ্যক প্রটিষ্ট বহুকোষী যদিও ইহঁতৰ কোনো কলা বা অংগ নেথাকে। ইহঁতৰ দেহৰ গঠন বেলেগ বেলেগ। একেদৰে, জীৱবোৰৰ কার্য্যৰ দিশৰ পৰাও পার্থক্য দেখা যায়। ইহঁতৰ দেহটো কোষীয় পদার্থৰ কোষাবৰণৰ দ্বাৰা আবৃত হৈ থাকে। আৱশ্যে সালোকসংশ্লেষণকাৰী প্রটিষ্টৰ কোষবেৰ থাকে। ইহঁতৰ কেন্দ্রাবৰণে আবৃত প্রকৃত কোষকেন্দ্র থাকে আৰু কোষত আৱৰণযুক্ত কোষাংগিকা থাকে। বিচিত্ৰতাই হ’ল প্রটিষ্টৰ প্রধান বৈশিষ্ট্য। হেকেলৰ প্রটিষ্টা ৰাজ্যৰ বাহিৰে ইহঁতক কোনো এখন ৰাজ্যতে অন্তর্ভুক্ত কৰাব নোৱাৰি। প্রটিষ্টা বোৰৰ এটা নিজস্ব স্বকীয়তা আছে যদিও ইহঁতক উদ্ভিদ, প্রাণী নাইবা ভেঁকুৰ ৰাজ্যৰ কোনো এখনতে অন্তর্ভুক্ত কৰিব নোৱাৰি তথাপি ইহঁতে সংকোষকেন্দ্রীয় জীৱৰ লগত বহুতো ক্ষেত্ৰত সাদৃশ্য দেখুৱায়। প্রটিষ্টাৰ এই বিচিত্ৰতাক আমি প্রধানতঃ তিনিটা ভাগত অধ্যয়ন কৰিব পাৰো। প্রাণীসদৃশ প্রটিষ্টা (প্রটয’ৱা: পৰপোষী), উদ্ভিদসদৃশ প্রটিষ্টা (শেলাই: স্বপোষী) আৰু ভেঁকুৰসদৃশ প্রটিষ্টা (পৰপোষী, বিয়োজক)। এই ৰাজ্যৰ জীৱসমূহৰ মাজত পাঁচ ধৰণৰ চলন দেখা যায়, যেনে – কূটপদৰ দ্বাৰা (Pseudopodial - উদাহৰণ – এমিবা) চিলিয়াৰ দ্বাৰা (Cilliary – উদাহৰণ - পেৰামেচিয়াম, অপালিনা) ফ্লেজেলাৰ দ্বাৰা (Flagellate – উদাহৰণ – ইউগ্লেনা, লেইচমেনিয়া, জিয়াৰডিয়া) পৰিসর্পন (Wriggling – উদাহৰণ – প্লাজম’ডিয়াম, শ্লেষ্মা ভেঁকুৰ) মিউচিলেজ নিঃসৰণৰ দ্বাৰা (Mucilage propulsion – উদাহৰণ – ডায়াটম) এমিবা আদি কিছুমান জীৱই কোষপ্রৰসৰ বর্হিবৃদ্ধিৰ ফলত সৃষ্টি হোৱা কূটপদৰ সহায়ত ধীৰে ধীৰে বগোৱা বাই আগবাঢ়ি যায়। চিলিয়াযুক্ত প্রটিষ্ট, যেনে – পেৰামেচিয়াম আদিয়ে চিলিয়াবোৰ নাৱৰ বঠাৰ দৰে ব্যৱহাৰ কৰি আগবাঢ়ে আৰু কিছুমানে ফ্লেজেলা বা কশাৰ সহায়ত পানীত চলাচল কৰে। আন কিছুমানে দেহটো সংকোচন আৰু সম্প্রসাৰণৰ ফলত সৃষ্টি হোৱা ঢৌৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰে। এনেধৰণৰ চলনক পৰিসর্পন (Wriggling) বোলে। এনে চলন স্পৰ’জোৱানবিলাকত (Sporozoans) দেখা যায়। ডায়াটম আদি জীৱবোৰৰ চলন অংগ নেথাকিলেও ইহঁতে মিউচিলেজ বা নিয্যাস নিঃসৰণৰ দ্বাৰা চলাচল কৰে। কোষটোৰ যিফালৰ পৰা মিউচিলেজ নিঃসৰণ হয় তাৰ বিপৰীত দিশত জীৱটো আগবাঢ়ি যায়। প্রটিষ্টা ৰাজ্যৰ জীৱবোৰৰ কিছুমান স্ব-পোষী আৰু আন কিছুমান পৰপোষী। স্ব-পোষীবোৰৰ দেহত উদ্ভিদৰ দৰে পত্ৰহৰিৎ থাকে আৰু সালোকসংশ্লেষণত খাদ্য প্রস্তুত কৰে। পৰপোষীবোৰ মৃতজীৱী, পৰজীৱী অথবা ভক্ষক হয়। মুক্তজীৱী প্রটিষ্টবোৰে সবাত আৰু পৰজীৱি জীৱবোৰে অবাত শ্বসন কৰে। এই ৰাজ্যৰ জীৱবোৰে অযৌন আৰু যৌন দুয়োধৰণৰ প্রজননৰ দ্বাৰা বংশ বৃদ্ধি কৰে। প্রটিষ্টা ৰাজ্যৰ অন্তর্গত জীৱবোৰৰ প্রধান ভাগকেইটা হ’ল – দ্বি-ফ্লেজেলাযুক্ত প্রটিষ্ট বা ডায়ন’ফ্লেজিলেট (Dinoflagellate) ইউগ্লিনয়ড (Euglenoid) ক্ৰিচ’ফাইটচ্‌ (Chrysophytes) প্রট’য’ৱা (Protozoa) বা আদ্যপ্রাণী জাতীয় প্রটিষ্ট শ্লেষ্মা ভেঁকুৰ (Slime moulds) ইয়াৰে ডায়ন’ফ্লেজেলেট, ইউগ্লেনয়ডচ আৰু ক্ৰিচ’ফাইটচ্‌বোৰ স্ব-পোষী সালোকসংশ্লেষণকাৰী প্রটিষ্ট। প্রটিষ্ট আৰু শ্লেষ্মা ভেঁকুৰবোৰ ভক্ষক-বিয়োজক প্রটিষ্ট। আনহাতে, প্রট’য’ৱাবোৰ হ’ল আদ্যপ্রাণী জাতীয় প্রটিষ্ট। তলত প্রটিষ্ট ৰাজ্যৰ জীৱবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল – 1. ডায়ান’ফ্লেজেলেট: বেছিভাগ ডায়ান’ফ্লেজেট সাগৰৰ লুণীয়া পানীত বাস কৰে আৰু স্ব-পোষী। ইহঁতে সালোকসংশ্লেষণৰ জৰিয়তে খাদ্য প্রস্তুত কৰে। ইহঁত সাধাৰণতে এককোষী, কোষত দুডাল ফ্লেজেলা থাকে, সেয়ে ইহঁত চলনক্ষম। ফ্লেজেলা দুডালৰ এডাল কোষবেৰৰ প্লেটৰ মাজৰ সিৰলুত পথালিকৈ আৰু আনডাল অনুদৈর্ঘ্যভাৱে থাকে, অর্থাৎ ই কোষৰ দীঘে দীঘে থাকে। দুয়োডাল ফ্লেজেলাৰ দৈর্ঘ্য অসমান। ইহঁতৰ কোষবেৰ চেলুলোজেৰে গঠিত কিন্তু ই কিছুমান কঠিন প্লেটত বিভক্ত হৈ থাকে। ডায়ান’ফ্লেজেলেটৰ কোষবোৰত বিভিন্ন ধৰণৰ ৰঞ্জক পদার্থ, যেনে – পত্ৰহৰিৎ-a, পত্ৰহৰিৎ-c, α- কেৰ’টিন আৰু জেন্থ’ফিলযুক্ত ক্ৰমেট’ফ’ৰ থাকে। ৰঞ্জক পদার্থৰ উপস্থিতি অনুসৰি ইহঁতৰ ৰং সেউজীয়া, মুগা, নীলা বা ৰঙা হ’ব পাৰে। ইহঁতৰ কিছুমান জীৱদীপ্তিসম্পন্ন। সাগৰীয়া ডায়ান’ফ্রেজেলেট কিছুমানে ইমান দ্রুত প্রজনন কৰে যে ইহঁতে সংখ্যাত বাঢ়ি সাগৰৰ পৃষ্ঠ ঢাকি পেলাই আৰু সাগৰখনো ডায়ান’ফ্লেজেলেটটোৰ দৰে ৰঙৰ যেন দেখি। সেইবোৰৰ ভিতৰত গনিয়াউলেক্স (Ganyaulax) নামৰ ৰঙা ডায়ান’ফ্লেজেলেটবিধৰ অতিবৃদ্ধিৰ বাবে সাগৰখন ৰঙা যেন দেখি। এনেদৰে সাগৰখন ৰঙা দেখা পৰিঘটনাক ৰঙা জোৱাৰ (Red tide) বোলে। ইহঁতে কিছুমান ট’ক্সিন বা বিষ নিঃসৰণ কৰে বাবে বহুতো সাগৰীয় জীৱ মৃত্যু মুখত পৰে। ইয়াৰ উপৰিও ঘনকৈ থকা ডায়ান’ফ্লেজেলেটবোৰৰ বাবে অক্সিজেন সাগৰত প্রৱেশ কৰিব নোৱাৰা বাবে জলজ জীৱসমূহৰ মৃত্যু হয়। প্রকোষকেন্দ্রীয় কোষৰ ক্ৰম’জ’মৰ দৰে ইহঁতৰ ক্ৰম’জমত হিষ্টন প্র’টিন নেথাকে কিন্তু সংকোষকেন্দ্রীয় কোষৰ দৰে ইহঁতৰ কোষত আৱৰণযুক্ত কোষাংগাণু থাকে। উদাহৰণ – পেৰিডিনিয়াম (Peridinium), জিমন’ডিনিয়াম (Gymnodinium), গ্লেন’ডিনিয়াম (Glenodinium), গনিৱাউলেক্স (Ganyaulex) আদি। 2. ইউগ্লেনয়ডচ (Euglenoids): ইউগ্লিনয়ডছবোৰ ঘাইকে পুখুৰী, হ্রদ আদিৰ অলৱণ বন্ধ পানীত বাস কৰে। এইবোৰ এককোষী আৰু সংকোষকেন্দ্রীয়। ইহঁতৰ কোষবেৰ নেথাকে; তাৰ পৰিবর্ত্তে পেলিকল (Pellicle) নামৰ প্র’টিনসমৃদ্ধ আৱৰণ এখন থাকে। এই আৱৰণখন স্থিতিস্থাপক গুণসম্পন্ন হোৱা বাবে ইউগ্লিনয়ডছবোৰৰ দেহটো নমনীয় (Flexible)। দেহত দুডাল ফ্লেজেলা থাকে। তাৰে এডাল দীঘল আনডাল চুটি। সালোকসংশ্লেষণত ইহঁতে নিজৰ আহাৰ নিজে প্রস্তুত কৰিব পাৰে; কিন্তু আন্ধাৰত এইবোৰে পৰপোষী হিচাপে পানীৰ মাধ্যমৰ পৰা খাদ্য আহৰণ কৰে। ইঊগ্লিনয়ডবোৰৰ সালোকসংশ্লেষণকাৰী ৰঞ্জক পদার্থবোৰ উচ্চ শ্রেণীৰ উদ্ভিদৰ দৰেই পত্ৰহৰিৎ-a, পত্ৰহৰিৎ-b, কেৰ’টিন আৰু জেন্থফিল। ইহঁতে পৰিবেশ অনুযায়ী স্পুষ্ট বা পৰপুষ্টহ’ব পাৰে আৰু সেইবাবে ইহঁতক “মিক্সট্রফিক” বোলে। ইহঁতৰ সঞ্চিত খাদ্য দ্রৱ্য পেৰামাইলাম। ইউগ্লেনয়ডবোৰে অযৌন প্রজননৰ দ্বাৰা বংশ বৃদ্ধি কৰে। দ্বিবিভাজন কোষটোৰ দীঘে দীঘে হয়। ইহঁতৰ কোষত পত্ৰহৰিৎ থাকে যদিও ইহঁতক উদ্ভিদ ৰাজ্যত অন্তর্ভুক্ত কৰা হোৱা নাই; কাৰণ, প্রট’য’ৱা (প্রাণী)ৰ দৰে ইহঁতৰ কোষত সংকোচনশীল ৰিক্তিকা থাকে। আনহাতে, পত্ৰহৰিৎ থকা বাবে প্রাণীৰাজ্যতো ইহঁতক অন্তর্ভুক্ত কৰিব নোৱাৰি। উদাহৰণ –ইউগ্লেনা। 3. ক্ৰিচ’ফাইটছ (Chrysophytes): ডায়েট’ম (Diatom) আৰু ডেচমিড্‌ (Desmid) নামৰ সোনালী মুগা ৰঙৰ শেলাইদুবিধক ক্ৰিচ’ফাইট্‌চৰ অন্তর্গত কৰি ৰখা হৈছে। ডায়েটমবোৰ আনুবীক্ষণিক এককোষী জীৱ; কিন্তু, ইহঁতৰ কিছুমানে উপনিবেশ (Colony) গঠন কৰে। ডায়েটমবোৰ সাধাৰণতে জলজ। সাগৰৰ লুণীয়া পানী আৰু ডোবা, নিজৰা আদিৰ অলৱণ পানীত ইহঁতে বাস কৰে। ফ্লেজেলাবিহীন এই আনুবীক্ষণিক ডায়েটমবোৰৰ বেছিভাগে সাগৰৰ পানীত ভাঁহি থাকে। এইবোৰক ধীৰ প্লৱক বোলে আৰু সাগৰীয় ধীৰ প্লৱকৰ বেছি অংশ ডায়েটমৰ দ্বাৰা গঠিত। ডায়েটমবোৰ সাগৰৰ মুখ্য উৎপাদক। ডায়েটমবোৰৰ গঠন, আকাৰ আকৃতি আদি বিভিন্ন ধৰণৰ হয়। ইহঁতৰ সংৰচনা অতি মোহনীয়া। ডায়েটমৰ বেৰখনক খোলা (Shell) বোলা হয় আৰু ই দুখন কপাটৰে (Halve or valve)। দুয়োখন কপাটৰ মাজত এটা স্পষ্ট কোষকেন্দ্রৰ সৈতে প্রট’প্লাষ্ট থাকে আৰু দুয়োখন কপাট দুখন পেট্রিডিছৰ দুটা অংশৰ দৰে এখনৰ ভিতৰত আনখন খাপ খাই থাকে। ইয়াৰে ওপৰৰখনক এপিথেকা বা বহিঃকপাট (Epitheca) আৰু ভিতৰৰ অর্থাৎ তলৰখনক হাইপ’থেকা বা বহিঃকপাট (Hypotheca) বোলে। ডায়েটমৰ বেৰৰ দুয়োটা অংশই চিলিকাৰে গঠিত। তাত কম পৰিমাণে এলুমিনিয়াম, মেগনেচিয়াম, লো আৰু টাইটেনিয়াম থাকিব পাৰে। ডায়েটমৰ সঞ্চিত খাদ্য ক্ৰিটলেমিনেৰিন আৰু তৈল কণা। ইহঁতৰ কোষত সোনালী ৰঙৰ ক্ৰমেট’ফৰ থাকে। ক্ৰমেট’ফৰত ক্লৰ’ফিল-a, ক্লৰ’ফিল-c, c2, কেৰ’টিন আৰু বহুতো জেন্থফিল থাকে। ফিউক’জেন্‌থিন নামৰ জেন্‌থফিলৰ বাবেই ডায়েটমক সোনালী ৰঙৰ দেখা যায়। চিলিকাযুক্ত বেৰৰ সৈতে ডায়েটম কোষক ফ্রুষ্ট’ল (Frustule) বোলে। ডায়েটমবোৰে অংগজ আৰু অযৌন প্রজননৰ দ্বাৰা বংশ বৃদ্ধি কৰে। অংগজ প্রজনন কোষ বিভাজনৰ দ্বাৰা হয় আৰু এই প্রক্ৰিয়াত কোষবোৰৰ আকাৰ ক্ৰমান্বয়ে হ্রাস হৈ গৈ থাকে। তেতিয়া ডায়েটমবোৰে যৌন প্রজননৰ দ্বাৰা অক্স’স্পৰ গঠন কৰে আৰু কোষৰ আকাৰ আগৰ অৱস্থানলৈ ঘূৰাই আনে। ডায়েটমৰ কোষবেৰত সামান্য পৰিমাণেহে জৈৱ পদার্থ থাকে। আনহাতে চিলিকাযুক্ত খোলাবোৰ প্রাকৃতিক নিম্নীকৰণ (Natural degradation) প্রক্ৰিয়া প্রতিৰোধী হোৱা বাবে ডায়েটম কোষৰ মৃত্যুৰ পিছত সহজে নষ্ট নহয় আৰু সাগৰতলিত জমা হয়। এনেদৰে হেজাৰ হেজাৰ বছৰ ধৰি জমা হৈ থকা ডায়েটমৰ খোলাবোৰে সাগৰতলিত বিশেষ ধৰণৰ তৰপ সৃষ্টি কৰে আৰু তাক “ডায়েটমৰ মৃত্তিকা” (Diatomaceous earth) বোলে। ই বগা বা হালধীয়া বৰণৰ তথা দৃঢ়; কিন্তু, কোমল আৰু পাতল। ডায়েটমৰ মৃত্তিকা বিভিন্ন ধৰণৰ শিল্প কর্মত ব্যৱহাৰ কৰা হয়, যেনে – বিদ্যুতৰোধী (Insulator) ফিল্টাৰ (Filter)। খহতা বাবে ধাতব পদার্থ মসৃণ কৰিবৰ বাবে, গাড়ী আদি পলিচ কৰা পাউডাৰ, জুলীয়া পদার্থ পৰিষ্কাৰ, ডিনামাইট প্রস্তুতকৰণত, দাত ঘঁহা পাউডাৰ উৎপাদন, এচিড আদি পৰিবহণত ডায়েটমৰ মৃত্তিকা ব্যৱহাৰ কৰা হয়। 4. শ্লেষ্ম ভেঁকুৰ (Slime mould): শ্লেষ্ম ভেঁকুৰবোৰ পত্ৰহৰিৎ নথকা পৰপোষী প্রটিষ্ট। ইহঁত সাধাৰণতে মৃতজীৱি। মৃত গেলা-পচা জৈৱ পদার্থৰ পৰা খাদ্য আহৰণ কৰে। ইয়াৰ বাহিৰেও বেক্টেৰিয়া, ভেঁকুৰৰ ৰেণু, প্রট’য’ৱা আৰু সৰু সৰু অণুজীৱ আদি ভক্ষণ (Ingestion) আৰু পৰিগ্রহণ (Engulfing) কৰে। ইহঁতৰ কিছুমান মানুহ আৰু জন্তুৰ ওপৰত পৰজীৱি হিচাপে থাকে। শ্লেষ্ক ভেকুৰবোৰ ছাঁ পৰা সেমেকা মাটি সৰা পাত, ডাল, পচা কাঠৰ টুকুৰা আদি সেমেকা জৈৱ পদার্থৰ ওপৰত বাস কৰে। আন কিছুমান মুকলি স্থান বা তৃণাঙ্গণৰ (Lawn) ঘাঁহৰ ওপৰত গজে। শ্লেষ্ম ভেঁকুৰবোৰ দুই ধৰণৰ - অকোষীয় (Acellular) আৰু কোষীয় (Cellular)। অকোষী শ্লেষ্ম ভেঁকুৰৰ বহুকোষকেন্দ্রীয় প্রট’প্লাজখিনি এখন পাতল কোষাৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। ইহঁতৰ কোনো আকাৰ আকৃতি নেথাকে। কোষবেৰ নেথাকে বাবে দেহটো নগ্ন হৈ থাকে। কোষকেন্দ্রবোৰ দ্বিগুণ ক্ৰমজ’মযুক্ত। এনেধৰণৰ কোষবেৰহীন প্রট’প্লাজমৰ থুপবোৰক প্লাজম’ডিয়াম (Plasmodium) বোলে। প্লাজম’ডিয়ামৰ বাহিৰফালে বিজলুৱা পদার্থৰ আৱৰণ থাকে বাবে এইবোৰ লুথুপ-থুপীয়া হয়। হৰিৎকণাৰ বাহিৰে অন্য সকলো কোষাংগাণু থাকে। বিভিন্ন ধৰণৰ ৰঞ্জক কণা থাকে বাবে ইহঁতৰ ৰং হালধীয়া, গুলপীয়া, বেঙুনীয়া অথবা ঢেলা বগা হয়। প্রতিকূল পৰিবেশত ইহঁতে পেৰিডিয়ামেৰে আবৃত ৰেণুথলীৰ ভিতৰত ৰেণু উৎপাদন কৰে। ৰেণুবোৰত চেলুলোযেৰে গঠিত বেৰ থাকে। ৰেণুবোৰে পৰিবেশৰ প্রতিকূল পৰিবেশক প্রতিৰোধ কৰিব পাৰে বাবে বহু বছৰলৈ সজীৱ হৈ থাকে। ৰেণুবোৰ দ্বিগুণীয়া বাবে হ্রাসাত্মক বিভাজন হৈ চাৰিটা কোষ সৃষ্টি কৰে। আনহাতে, কোষীয় শ্লেষ্ম ভেঁকুৰবোৰত এমিবাসদৃশ অসংখ্যকোষীয় পদার্থ গোট খাই থাকে আৰু তাক চ্যুড’প্লাজম’ডিয়াম (Pseudoplasmodium) বোলে। কোষকেন্দ্রবোৰ এগুণীয়া ক্ৰমজ’মযুক্ত। ইয়াত থকা প্রত্যেকটো এমিবা সদৃশ কোষীয় পদার্থ এগুণ ক্ৰমজ’মযুক্ত ৰেণুলৈ পৰিৱর্তন হয় আৰু ইহঁতক আৱৰি চেলুলোজৰ বেৰ থাকে। অনুকূল পৰিবেশ পালে ৰেণুবোৰ অংকুৰিত হয়। শ্লেষ্ম ভেঁকুৰবোৰে সৌন্দর্য্যবর্দ্ধনকাৰী উদ্ধিদত গজি তাৰ সৌন্দর্য্য নষ্ট কৰে যদিও প্রট’প্লাজমৰ গঠন আৰু শৰীৰবিদ্যা অধ্যয়নৰ বাবে উৎকৃষ্ট জীৰ। 5. প্রট’য’ৱা (Protozoa) বা আদ্য প্রাণীজাতীয় প্রটিষ্ট (Protozoan Protist) : প্রট’য’ৱাবোৰ এককোষী, পত্ৰহৰিৎহীন, চলনক্ষম পৰপোষী প্রটিষ্ট। মুক্তজীৱী পৰজীৱীবোৰ প্রভুত পৰিমাণে অলৱণ পানী, বোকা, মাটি নাইবা সাগৰৰ লুণীয়া পানীত পোৱা যায়। বহুতো প্রট’য’ৱা মানুহ আৰু অন্য প্রাণীৰ দেহত সহজীৱি অথবা পৰজীৱি হিচাপে বাস কৰে। প্র’ট’য’ৱাবোৰে জলজ পৰিবেশত থকা অণুজীৱক খাদ্য হিচাপে গ্রহণ কৰে। মাটিত বাস কৰা প্রট’য’ৱাই বেক্টেৰিয়াৰ সংখ্যা নিয়ন্ত্ৰণত মুখ্য ভূমিকা গ্রহণ কৰে। প্রকোষকেন্দ্রীয় জীৱতকৈ ডাঙৰ এই প্রট’য’ৱাবোৰক প্রাণীৰ আদিম সম্পর্কীয় বুলি ভৱা হয়। ৰ’ছেল ভন ৰজেনহ’ফে (Roesel Von Rosenhof) 1755 চনত প্রথমে এমিবা প্র’টিয়াচ প্রট’য’ৱাবিধ আৱিষ্কাৰ কৰে। লিউয়েনহুকে (Leeuwenhoek, 1677) প্রথমে প্রট’য’ৱাৰ বিষয়ে অধ্যয়ণ কৰিছিল আৰু প্রট’য’ৱাৰ নামটো 1817 চনত গল্ডফুজে (Goldfuss) দিছিল। প্রট’য’ৱাৰ চলন আংগিক আৰু জীৱন চক্ৰৰ বৈশিষ্ট্যবোৰৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত ভাগ কৰা হৈছে।, যেনে – এমিবীয় প্রট’য’ৱা বা চাৰক’ডিনা (Amoeboid Protozoans or Sarcodina) ফ্লেজেলাযুক্ত প্রট’য’ৱা বা মেষ্টিগ’ফ’ৰা (Flagellated Protozoan or Mastigophora) চিলিয়াযুক্ত প্রট’য’ৱা বা চিলিঅ’ফ’ৰা (Ciliated Protozoa or Ciliophora) স্পৰ’য’ৱা বা পৰজীৱী প্রট’য’ৱা (Sporozoans or parasitic Protozoa) 1. এমিবীয় প্রট’য’ৱা (Amoeboid Protozoa): এনেধৰণৰ প্রট’য’ৱা নিজৰা খাল, বিল আদিৰ অলৱণ পানী, সাগৰৰ লুণীয়া পানী আৰু সাগৰৰ সেমেকা মাটিত থাকে। এমিবা আৰু এমিবাসদৃশ প্রটিষ্টবোৰ এইটো ভাগত অন্তর্ভুক্ত কৰা হৈছে। ইহঁতৰ কোষবেৰ নেথাকে। কোষাৱৰণৰ দ্বাৰা প্র’টপ্লাজমখিনি আবৃত হৈ থাকে। কোষপ্রৰস বহিঃপ্রৰস (Ectoplasm) আৰু অন্তঃপ্রৰসত (Endoplasm) বিভক্ত। ইহঁতে প্রট’প্লাজমৰ বহিবৃদ্ধিৰ ফলত সৃষ্টি হোৱা “কূটপদ”ৰ (Pseudopodia) সহায়ত চলাচল আৰু চিকাৰ কৰিব পাৰে। দ্বিবিভাজনৰ দ্বাৰা বংশ বৃদ্ধি হয়। কোষৰ কোনো নির্দিষ্ট আকৃতি নেথাকে। 2. ফ্লেজেলাযুক্ত প্রট’য’ৱা (Flagellated Protozoa): ইহঁতৰ কোষটোৰ আৱৰি পেলিকল এখনে কোষটোক আৱৰি ৰাখে। কোষপ্রৰসখিনি বহিঃপ্রৰস আৰু অন্তপ্রৰসত বিভক্ত নহয়। দেহত ফ্লেজেলা থাকে আৰু ইয়াৰ সহায়ত চলাচল কৰে। দ্বিবিভাজন দীঘে দীঘে হয়। এইবোৰ জীৱ মুক্তজীৱি অথবা পৰজীৱি। ইহঁতৰ টাইপেন’চ’মা গেমবিয়েন (Typansoma gambien) নামৰ ফ্লেজেলাযুক্ত প্রট’য’ৱাবিধ “African Sleeping Sickness” নামৰ ৰোগবিধৰ কাৰক। 3. চিলিয়াযুক্ত প্রট’য’ৱা (Cilliated Protozoa): প্রট’য’ৱাবোৰৰ ভিতৰত এই চিলিয়াযুক্ত প্রট’য’ৱাৰ সংখ্যাই সকলোতকৈ বেছি। এইবোৰ এককোষী, সংকোষকেন্দ্রীয়, পৰপোষী, মুক্তজীৱী আৰু আনুবীক্ষণিক জীৱ। ইহঁতৰ দেহ গঠন সৰল যদিও অন্তর্গঠন আৰু বিপাকীয় কার্য্য জটিল। সকলোবোৰ জলজ আৰু অলৱণ পানীত বাস কৰে। দেহৰ এটা নির্দিষ্ট আকৃতি থাকে। ইহঁতৰ গোটেই দেহত অসংখ্য চিলিয়া থাকে। চিলিয়াৰ সহায়ত চলাচল কৰে। ইহঁতৰ অন্তর্গঠনত এটা সংকোচনশীল ৰিক্তিকা, এটা খাদ্য ৰিক্তিকা আৰু দুটা কোষকেন্দ্র থাকে। এটা কোষকেন্দ্র ডাঙৰ আনটো সৰু। খাদ্য ৰিক্তিকাত থকা উৎসেচকে খাদ্য হজম হোৱাত সহায় কৰে আৰু সংকোচনশীল ৰিক্তিকাই কোষৰ আসৃতি নিয়ন্ত্ৰণ কৰে আৰু অতিৰিক্ত পানী উলিয়াই দিয়ে। চিলিয়াযুক্ত প্রট’য’ৱাৰ কোষৰ বহিঃপৃষ্ঠত এটা মুখীয় খাল (Oral groove) থাকে আৰু এইটো এটা গ্রসীকা বা টেটুৰ (Gullet) লগত সংযুক্ত হৈ থাকে। চিলিয়াবোৰে যেতিয়া পানীত কোবাই আগবাঢ়ি যায় তেতিয়া পানীত থকা খাদ্য মুখীয়া খালৰ মাজেৰে গৈ গ্রসিকাত সোমাই আৰু তাৰ পৰা খাদ্য ৰিক্তিকাত সোমাইগৈ। ইহঁতৰ দেহত হজম নোহোৱা খাদ্য বাহিৰ কৰি দিবৰ বাবে গ্রসীকাৰ বিপৰীত ফালে এটা পায়ুৰন্ধ্র (Anal pore) থাকে। উদাহৰণ – পেৰামেছিয়াম। 4. পৰজীৱী প্রট’য’ৱা (Sporozoa): স্পৰ’য’ৱাৰ সকলোবোৰ জীৱ পৰজীৱী। সকলোবোৰেই অন্তঃপৰজীৱী (Endoparasite)। ইহঁতৰ অন্য প্রট’য’ৱাৰ দৰে কোনো চলন অংগ নাই। ইহঁতৰ জীৱন চক্ৰ জটিল। জীৱন চক্ৰত যৌন প্রজননৰ সময়ত সংক্ৰামক অচলৰেণু গঠনকাৰী দশা এটা থাকে। দেহৰ ওপৰত কিউটিক’ল বা পেলিকল থাকে। স্পৰ’য’ৱাবোৰৰ ভিতৰত প্লাজম’ডিয়ামে (Plasmodium) মানুহৰ দেহত অন্তঃপৰজীৱী হিচাপে থাকি মেলেৰিয়া বেমাৰৰ সৃষ্টি কৰে। ইয়াৰ চাৰিটা প্রজাতি, যেনে – প্লাজম’ডিয়াম ভাইভেক্স (Plasmodium vivax), প্লাজম’ডিয়াম মেলেৰি (Plasmodium malariae), প্লাজম’ডিয়াম অভেল (Plasmodium oval) আৰু প্লাজম’ডিয়াম ফেলচিপেৰামে (Plasmodium falciparum) মানুহৰ মেলেৰিয়া বেমাৰৰ সৃষ্টি কৰে। ইহঁতে দুটা পোষকৰ মাজেৰে জীৱন চক্ৰ সম্পূর্ণ কৰে। 1.3. আদ্যপ্রাণী বা প্রট’য’ৱাৰ শ্রেণীবিভাজন (Classification of Protozoa) বাৰনেচে (Barnes) 1987 চনত তেওঁৰ ইন্‌ভর্টিব্রেট জুল’জি (Invertebrate Zoology) নামৰ পুথিখনৰ পঞ্চম সংস্কৰণত আদ্যপ্রাণীবোৰক চাৰিটা পর্বত (Phylum) ভাগ কৰিছে। তলত এই পর্বকেইটাক শ্রেণীলৈকৈ শ্রেণীবিভাজন কৰি বর্ণনা কৰা হ’ল। 1. পর্ব: চার্কমেষ্টিগ’ফৰা (Sarcomastigophora): এই পর্বৰ অন্তর্গত আদ্যপ্রাণীবোৰে কূটপদ (Pseudopodium) বা ফ্লেজেলাৰ (Flagella) সহায়ত চলাচল কৰে আৰু খাদ্য ভক্ষণ কৰে। ইহঁতৰ একে প্রকাৰৰ কোষকেন্দ্র থাকে। ইহঁতে মুক্তভাৱে নাইবা নিবহ পাতি থাকে নাইবা পৰজীৱী হিচাপে বাস কৰে। প্রজনন যৌন বা অযৌন প্রক্ৰিয়াৰে সাধিত হয়। যৌন প্রজনন চিনগেমি (Syngamy) আৰু অযৌন প্রজনন দ্বিবিভাজন (Binary fission) বা বহুবিভাজন (Multiple fission) প্রক্ৰিয়াৰে সম্পন্ন হয়। এই পর্বটোক আকৌ দুটা উপপর্বত (Sub Phylum) ভাগ কৰা হৈছে, যেনে – মেষ্টিগ’ফৰা (Mastigophora) আৰু চার্কডিনা (Sarcodina)। A. উপপর্ব: মেষ্টিগ’ফৰা (Mastigophora): এডাল বা অধিক ফ্লেজেলা বা কশা (Flagella) থাকে। দেহত এটা বা ততোধিক কোষকেন্দ্র থাকে। অযৌন প্রজনন দ্বিবিভাজন প্রক্ৰিয়াৰে সম্পন্ন হয়। যৌন প্রজনন কাচিৎহে ঘটে। স্বপোষী বা পৰপোষী। ইহঁতক আকৌ দুটা শ্রেণীত ভাগ কৰা হৈছে – a. শ্রেণী: ফাইট’মেষ্টিগ’ফৰা (Phytomastigophora): এইবোৰ উদ্ভিদসদৃশ আৰু উদ্ভিদৰ দৰে ইহঁতৰ দেহত ক্ৰম’প্লাষ্ট (Chromoplast) থাকে। ইহঁতৰ প্রায়বোৰেই মুক্তজীৱী যদিও কিছুমান পৰজীৱী হিচাপে বাস কৰে। দেহত সাধাৰণতে এডাল বা দুডাল ফ্লেজেলা বা কশা থাকে। এইবোৰ প্রধানতঃ স্ব-পোষী আৰু ইহঁতৰ দেহত ক্লৰ’ফিল থাকে। জেন্থফিল থকা ফাইট’মেষ্টিগ’ফৰাবোৰৰ ৰং ৰঙা, কমলা, হালধীয়া বা মুগা বৰণৰ। যৌন প্রজনন নঘটে। উদাহৰণ: ভলভক্স (Volvox), ক্লেমাইড’মনাচ (Chlamydomonas), ইউগ্লেনা (Euglena), চাইনুৰা (Synura) । b. শ্রেণী: জু-মেষ্টিগ’ফৰা (Zoomastigophora): ফ্লেজেলাধাৰী এই প্রট’য’ৱাবোৰৰো এডাল বা অধিক ফ্লেজেলা থাকে যদিও ক্লৰ’প্লাষ্ট নেথাকে। দেহত সাধাৰণতে এডাল বা দুডাল ফ্লেজেলা বা কশা থাকে। এইবোৰ পৰপোষী আৰু খাদ্য গ্রহণ প্রক্ৰিয়া বেলেগ বেলেগ প্রজাতিত বেলেগ বেলেগ ধৰণৰ হ’ব পাৰে। ইহঁতৰ কিছুমান মুক্তজীৱি আৰু বেছিভাগেই সহভোজী (Commensal), সহজীৱী বা পৰজীৱী হিচাপে বাস কৰে ইহঁতৰ কিছুমানত যৌন প্রজনন হয়। উদাহৰণ: ট্রিপেন’চমা (Trypanosoma), লেইছমেনিয়া (Leishmania), জিয়াৰডিয়া (Giardia)। i. অতিশ্রেণী: অপালিনেটা (Opalinata): এই অতিশ্রেণীৰ আদ্যপ্রাণীবোৰৰ গোটেই দেহযুৰি অসংখ্য এঢলীয়া চিলিয়া থাকে। কোষমুখ (Cytostome) নেথাকে। ইহঁতৰ গোটেই দেহযুৰি এখন অনুত্বক (Pellicle) থাকে। একে প্রকাৰৰ এটা বা অধিক কোষকেন্দ্র থাকে। সংকোচনশীল ৰিক্তিকা নেথাকে। সকলোবোৰ পৰজীৱী আৰু বিশেষকৈ এনুৰা (Anura) বর্গৰ প্রাণীৰ অন্ত্ৰত অধিক পৰিমাণে আৰু মাছ, চালামাণ্ডাৰ, সৰিসৃপ আদি প্রাণীৰ অন্ত্ৰত কম পৰিমাণে সহভোজী (Commensal) হিচাপে বাস কৰে। অযৌন প্রজননৰ দ্বাৰা বংশ বৃদ্ধি কৰে। কিছুমানত যৌন প্রজনন হয় আৰু এইবোৰত কশাযুক্ত (Flagellated) জননকোষ সৃষ্টিৰ দ্বাৰা চিনগেমি প্রক্ৰিয়াৰে সম্পন্ন হয়। উদাহৰণ: অপালিনা (Opalina) B. উপপর্ব: চার্ক’ডিনা (Sarcodina): প্রায়বোৰেই মুক্তজীৱী। এই উপপর্বৰ প্রাণীবোৰৰ বিশেষ লক্ষণ হৈছে কূটপদ। ইয়ে প্রাণীটোৰ চলন আৰু খাদ্য গ্রহণত সহায় কৰে। বিকাশৰ প্রাৰম্ভিক স্তৰ নাইবা কিছুমান অস্থায়ী অৱস্থাত ফ্লেজেলাও দেখা পোৱা যায়। কোষকেন্দ্র এটা বা বহুতো। কিছুমানৰ দেহত বহিঃকংকাল বা অন্তঃকংকাল থাকে। অযৌন প্রজননৰ দ্বিবিভাজন পদ্ধতিৰ দ্বাৰা বংশবৃদ্ধি হয়। কিছুমানত যৌন প্রজননৰ সংযুগ্মন (Syngamy) প্রক্ৰিয়াৰেও বংশবৃদ্ধি হয়। i. অতিশ্রেণী: ৰাইজ’পডিয়া (Rhizopodia): চলন তিনি প্রকাৰৰ কোষপ্রৰসীয় প্রৱর্দ্ধৰ (Cytoplasmic extension) দ্বাৰা সম্পন্ন হয়, যেনে – আঙুলিসদৃশ স্থূলপদ বা লব’পডিয়া (Lobopodia), সুত্ৰ আকাৰৰ কূশপদ বা ফিল’পডিয়া (Filopodia) আৰু জালিকাপদ বা ৰেটিকুলপডিয়া (Reticulopodia)। কেতিয়াবা আকৌ কূটপদ অবিহনে কোষপ্রৰসীয় চলনৰ দ্বাৰাও গমন কৰা দেখা য়ায়। এই অতিশ্রেণীটোক তিনিটা শ্রেণীত ভগোৱা হয়, যেনে - 1. শ্রেণী: ল’বছা (Lobosa): চলন আৰু খাদ্যগ্রহণৰ বাবে চুটি আৰু ভোটা কূটপদ থাকে। বহিঃপ্রৰস (Ectoplasm) আৰু অন্তঃপ্লাজম (Endoplasm) ৰ মাজত সুস্পষ্ট পার্থক্য দেখা যায়। উদাহৰণ : এমিবা (Amoeba), এণ্টামিবা (Entamoeba)। 2. শ্রেণী: ফাইল’ছা (Filosa): কূটপদযুক্ত এমিবাসদৃশ আদ্যপ্রাণী। কূটপদবোৰ ক্ষীণ, মিহি আৰু সুক্ষ্ম শাখাযুক্ত। ইহঁতৰ কিছুমানত দেহটোক আৱৰি এখন জৈৱযৌগৰ বা খনিজ পদার্থৰ খোলা (Test or Shell) থাকে। উদাহৰণ: ভেম্‌পাইৰেলা (Vampyrella), গ্রমিয়া (Gromia), ইউগ্লাইফা (Euglypha) 3. শ্রেণী: গ্রেনুল’ৰেটিকুল’ছা (Granuloreticulosa): ইহঁতৰ সূক্ষ্ম দানাযুক্ত জালিকাপদ (Reticulopodia) থাকে। এটা বা ততোধিক খোলাৰ দ্বাৰা দেহটো আবৃত হৈ থাকে। খোলাবোৰত কিছুমান ৰন্ধ্র থাকে আৰু ৰন্ধ্রবোৰৰ মাজেৰে জালিকাসদৃশ কূটপদবিলাক বাহিৰলৈ মুক্ত হয়। দেহৰ বহিঃপ্রৰসত ৰিক্তিকা থাকে। উদাহৰণ : গ্লবিজেৰিনা (Globigerina), স্পাইৰুলিনা (Spirulina), অৰবুলিনা (Orbulina)। ii. অতিশ্রেণী: একটিন’পডা (Actinopoda): প্রায়েই গোলাকাৰ আকৃতিৰ। ইহঁতৰ কূটপদবোৰ গোলাকাৰ দেহটোৰ পৰা চাৰিওফালে বিচ্ছুৰিত হৈ থাকে। কিছুমানৰ দেহটোত ঠাৰি থাকে আৰু ঠাৰিৰ সহায়ত অন্য কোনো ভিত্তি বস্তুত খাঁমুচি ধৰি থাকে আৰু বাকীবোৰ মুক্তভাৱে পানীত ওপঙি থাকে। ইহঁতৰ কংকালতন্ত্ৰ জৈৱ বস্তু আৰু চিলিকাৰে গঠিত। এই অতিশ্রেণীটোক চাৰিটা শ্রেণীত ভগোৱা হৈছে। 1. শ্রেণী: একান্‌থেৰিয়া (Acantharia): ইহঁতৰ আটাইবোৰ লুণীয়া পানীত বাস কৰে। কংকালতন্ত্ৰ ষ্ট্রনচিয়াম চালফেটৰ (Strontium sulphate) স্ফটিকেৰে গঠিত। কংকালতন্ত্ৰটোত সাধাৰণতে 20 ডাল অৰীয় বা 10 ডাল ওলোটাকৈ থকা কণ্টক থাকে। কাচিৎহে 16 ডাল ওলোটা বা 32 ডাল অৰীয় কণ্টক থাকে। ইহঁতৰ কোষটো দুটা অঞ্চলত বিভক্ত – বহিঃপ্লাজম আৰু অন্তঃপ্লাজম। উদাহৰণ : একান্‌থ’মেট্রা (Acanthometra) 2. শ্রেণী: পলিচিষ্টিনা (Polycystina): ইহঁতবোৰ বিচ্ছুৰিত কূটপদধাৰী আৰু কংকালতন্ত্ৰটো চিলিকাযুক্ত তথা দেহাৱৰণখণ ৰন্ধ্রযুক্ত। ইহঁতৰ আটাইবোৰেই সমুদ্রৰ পানীত ওপঙি থকা যদিও মাত্ৰ এটা গ’ণৰ প্রাণীবোৰহে সমুদ্রতলীত থাকে। উদাহৰণ : প্লেগ’নিয়াম (Plagonium), অক্ট’ডেন্‌ড্রন (Octodendron)। 3. শ্রেণী: ফাওডেৰিয়া (Phaeodaria): ইহঁতৰ কংকালতন্ত্ৰটো আৰু কণ্টকবোৰ ফোপোলা। কংকালতন্ত্ৰটো চিলিকা আৰু জৈৱ পদার্থৰ সংমিশ্রণেৰে গঠিত। ইহঁতৰ সম্পুটিকা আৱৰণখন (Capsular membrane) অতি ডাঠ আৰু ইয়াত তিনিটা ৰন্ধ্র থাকে। ইয়াৰে এটা ৰন্ধ্রইদি বাহিৰ হোৱা কূটপদে খাদ্য গ্রহণ কৰা কার্য্যৰ লগত জড়িত। সমুদ্রত ওপঙি ফুৰা বিধৰ। উদাহৰণ : এষ্ট্রাকেন্‌থা (Astracantha), ফাওডিনা (Phaeodina)। 4. শ্রেণী: হেলিঅ’য’ৱা (Heliozoa): ইহঁতৰ কেন্দ্রীয় সম্পুট নেথাকে। ইহঁতক ‘সূর্য্য প্রাণী’ বা চান এনিমেল (Sun animal) বুলি কোৱা হয়; যিহেতু, ইহঁতৰ ‘অক্ষীয় কূটপদ’ বা এক্স’পডিয়াবোৰ (Axopodia) সূর্য্যৰ ৰশ্মিৰ দৰে চাৰিওফালে বিচ্ছুৰিত হৈ থাকে। ইহঁতে অক্ষীয় কূটপদেৰ খাদ্য গ্রহণ, চলন, অনুভূতি আদি কার্য্য কৰাৰ উপৰিও এইবোৰেৰে অন্য বস্তুত ধৰি থাকিব পাৰে। বেছিভাগেই নির্মল পানীত বাস কৰে যদিও ইহঁতৰ কিছুমানে সমুদ্রতো বাস কৰে। উদাহৰণ : চিলিঅ’ফ্রিছ (Ciliophrys), ক্লেথ্রুলিনা (Clathrulina)। 2. পর্ব: এপিকম্‌প্লেক্সা (Apicomplexa): প্রটিষ্ট টেক্সনৰ ভিতৰত সম্ভৱত আটাইতকৈ বৃহৎ গোটটোৱেই হ’ল এপিকমপ্লেক্সা পর্বটো। এই পর্বটোক আগতে স্পৰ’জ’ৱা হিচাপে জনা গৈছিল। ইহঁতৰ প্রায় সকলোবোৰেই পৰজীৱী। এই গোটটোৰ পৰজীৱীয়ে কিছুমান মাৰাত্মক ৰোগৰ সৃষ্টি কৰে, যেনে – কুকুৰ আৰু ঘৰচীয়া চৰণীয়া পশুৰ বেবেচিঅ’চিছ (Babesiosis), পক্ষীৰ লিউক’চাইট’জুন’চিচ (Leucocytozoonosis) আৰু মানুহৰ মেলেৰিয়া (Malaria)। তলত এপিকম্‌প্লেক্সা পর্বৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল – এপিকমপ্লেক্সা পর্বৰ পৰজীৱীৰ পোষক প্রাণীৰ কলাতন্ত্ৰবোৰক আক্ৰমণ কৰিবলৈ এক সুকীয়া তন্ত্ৰ আছে। এই তন্ত্ৰটোক অগ্রস্থ সংমিশ্র বা এপিকেল কমপ্লেক্স বা এপিক’প্লাষ্ট (Apical complex or Apicoplast) বোলে। এই বিশেষ অগ্রস্থ তন্ত্ৰটো পৰজীৱীটোৰ অগ্রস্থ অংশত থাকে আৰু ই হ’ল কিছুমান ক্ষৰণকাৰী কোষৰ থূপ। এই তন্ত্ৰটো মাইক্ৰ’নম (Micronome), ৰপট্রি (Rhoptry), আৰু ধ্রুবীয় আঙঠিৰে (Polar ring) গঠিত। কিছুমান প্রজাতিত ধ্রুবীয় আঙঠিটোৰ ওপৰত শংকুভ (Conoid) এটাও থাকে। এপিকেল কমপ্লেক্সৰ পৰা নিঃসৰিত উৎসেচক আৰু প্র’টিনবোৰে পোষক প্রাণীটোৰ বহিঃকোষীয় বস্তুবোৰ ভাঙি পৰজীৱীটোক কোষৰ ভিতৰত প্রৱেশ কৰাত সহায় কৰে। ইহঁতৰ দেহত চিলিয়া নেথাকে। মাইট’কন্দ্রিয়াত কোষ্ঠকীয় (Vesicular) ক্ৰিষ্টি (Cristae) থাকে। কোষকেন্দ্রটো কোষ্ঠকীয়। ইহঁতে গ্লাইক’জেনবিলাক পেৰাগ্লাইক’জেন (Paraglycogen) হিচাপে সঞ্চিত কৰি ৰাখে। এই পর্বৰ পৰজীৱীবোৰৰ জীৱন চক্ৰ অতি জটিল। অযৌন আৰু যৌন প্রজননৰ দ্বাৰা জীৱন চক্ৰ সম্পূর্ণ কৰে। কিছুমানত আকৌ যৌন আৰু অযৌন প্রজননৰ যিকোনো এটাহে দেখিবলৈ পোৱা যায়। জীৱন চক্ৰত তিনিটা দশা থাকে, যেনে – স্পৰ’গেমি (Sporogamy), মেৰ’গেমি (Merogamy) আৰু গেমেট’গেমি (Gametogamy)। এপিকম্‌প্লেক্সা পর্বটোক দুটা শ্রেণীত ভগোৱা হৈছে, যেনে – স্পৰ’য’ৱা (Sporozoa) আৰু পিৰ’প্লাজমিয়া (Piroplasmea)। 1. শ্রেণী: স্পৰ’য’ৱা (Sporozoa): এই শ্রেণীটোৰ প্রাণীবোৰে প্রজননৰ বাবে ৰেণু (Spore) সৃষ্টি কৰে। স্পৰ’য’ৱাৰ প্রাণীবোৰে অযৌন আৰু যৌন প্রজননৰ দুয়োটা দশাৰ মাজেৰে পাৰ কৰে। ইহঁতৰ অযৌন দশাটোক চিজ’গনি (Schizogony) বোলে। এই অযৌন প্রথাত কোষকেন্দ্রটোৰ বহুবিভাজন হৈ এইবোৰৰ পৰা অসংখ্য অপত্য কোষ সৃষ্টি হয়। এইবোৰক মেৰ’জইট (Merozoite) বোলা হয়। ইহঁতৰ যৌন দশাটোক স্পৰ’গনি (Sporogony) বোলা হয়। এই প্রক্ৰিয়াত জননকোষৰ সৃষ্টি হয়। উদাহৰণ : গ্রেগাৰিনা (Gregarina), মন’চিষ্টিচ (Monocystis), প্লাজম’ডিয়াম (Plasmodium) টক্স’প্লাজমা (Toxoplasma)। 2. শ্রেণী: পিৰ’প্লাজমিয়া (Piroplasmea): এই শ্রেণীৰ পৰজীৱীবোৰে বিশেষকৈ কশেৰুকী (Vertebrate) প্রাণীবোৰক আক্ৰমণ কৰি ৰোগাক্ৰান্ত কৰে। এইবোৰে আমাৰ ঘৰচীয়া প্রাণীবোৰকো আক্ৰমণ কৰে। এইবোৰ অতি ক্ষুদ্র তথা নাখৰূপ পৰজীৱী (Pyriform parasite) আৰু এইবোৰে লোহিত ৰক্ত কণিকা আৰু যকৃত কোষবোৰত আক্ৰমণ কৰে। ইহঁতৰ দ্বিতীয় পোষক হ’ল সন্ধিপদী প্রাণী, য’ত এইবোৰে জীৱন চক্ৰ সমাপ্ত কৰে। জীৱন চক্ৰত অযৌন আৰু যৌন দুয়োটা দশাৰে দ্বাৰা প্রজনন কৰে। অযৌন প্রজনন দ্বিবিভাজন আৰু যৌন প্রজনন সন্ধিপদী প্রাণীৰ অন্ত্ৰত সংঘটিত হয়। যৌন প্রজননত ৰেণু সৃষ্টি নহয়। উদাহৰণ : থেইলেৰিয়া (Theileria), বেবেচিয়া (Bebesia)। 3. পর্ব: মাইক্ৰ’স্পৰা (Microspora): এইবোৰ পৰজীৱীয়ে এককোষীয় ৰেণু সৃষ্টি কৰে য’ত এককোষকেন্দ্রীয় বা দ্বিকোষকেন্দ্রীয় ৰেণুটোৰ স্পৰ’প্লাজমখিনি (Sporoplasm) নির্য্যাস সজুলিৰ (Extrusion apparatus) লগত ব্যপিত হৈ থাকে। নির্য্যাস সজুলিটোত এটা ধ্রুবীয় টুপী (Polar cap) উৎক্ষেপিত ধ্রুবীয় নলীকাৰ সতে সংযুক্ত হৈ থাকে। এইবোৰত প্লাষ্টিড, মাইট’কন্দ্রিয়া, ফ্লেজেলা আদি নেথাকে যদিও গলগি বডি থাকে। এই পর্বটোৰ পৰজীৱীবোৰ অন্তকোষীয় পৰজীৱী আৰু ইহঁতে প্রায় সকলোবোৰ বিভাগৰ জীৱকে আক্ৰমণ কৰে। এই পর্বটোক দুটা শ্রেণীত ভগোৱা হৈছে আৰু ইয়াত প্রায় 800 মান প্রজাতি আছে (Barnes, 1988 – A Synoptic Classification of Living Organisms)। 1. শ্রেণী: ৰুডিমাইক্ৰ’স্পৰিয়া (Rudimicrosporea): এই শ্রেণীটোৰ পৰজীৱীবোৰে বলয়ী প্রাণীক আক্ৰমণ কৰে। ৰেণুবোৰ সৰল আৰু ঘূৰণীয়া আৰু ইয়াত ডাঠ ধ্রবীয় টুপী আৰু চুটি ধ্রুবীয় নলী থাকে। পশ্চাৎ ৰিক্তিকা নেথাকে। উদাহৰণ : মেটচ্‌নিক’ভেলা (Metchnikovella) 2. শ্রেণী: মাইক্ৰ’স্পৰিয়া (Microsporea): জটিল তির্য্যক সজুলিৰ সৈতে এই শ্রেণীৰ পৰজীৱীবোৰৰ পশ্চাৎ ৰিক্তিকা থাকে। কোষকেন্দ্রটোক মেৰিয়াই ৰখা ধ্রুবীয় নলীডাল দীঘল। ৰেণুটোৰ তিনিখন আৱৰণ থাকে, যেনে – প্র’টিনযুক্ত এক্স’স্পৰ (Exospore), কাইটিনযুক্ত এণ্ড’স্পৰ (Endopspore) আৰু ভিতৰৰ পাতল আৱৰণ (Membranous layer)। উদাহৰণ : এনচেফালিট’জুন (Encephalitozoon) 4. পর্ব: চিলিঅ’ফৰা (Ciliophora): চিলিয়াযুক্ত আদ্যপ্রাণীবোৰক প্রট’জ’ৱা পর্বত অন্তর্ভুক্ত কৰা হৈছে। চিলিয়াৰে ইহঁতে খাদ্য গ্রহণ আৰু চলন কার্য্য সম্পাদন কৰে। মানুহক সংক্ৰমণ ঘটোৱা একমাত্ৰ চিলিঅ’ফৰা হ’ল বালানটিডিয়াম কলি (Balantidium coli)। প্রটিষ্টাৰ অন্তর্গত এই পর্বটো নির্মল আৰু লুণীয়া পানী উভয়তে বাস কৰে। চিলিয়াৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰিব পাৰে। চিলিঅ’ফৰাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল – ইহঁতৰ আকৃতি আৰু আকাৰ ভিন ভিন। ইহঁতৰ আকাৰ 10µm ৰ (ঘূৰণীয়া) পৰা 4,500 µm (দীঘলীয়া) পর্য্যন্ত হ’ব পাৰে। দেহত থকা কর্টেক্স আৰু সূক্ষ্ম নলীকাযুক্ত কোষীয় কংকালৰ উপস্থিতিৰ বাবে ইহঁতৰ আকৃতি আপেক্ষিকভাৱে স্থিৰ। জীৱন কালৰ অতি কমেও কোনোবা স্তৰত হলেও দেহত চিলিয়া থাকে। চিলিয়াই খাদ্য গ্রহণ আৰু চলনত সহায় কৰে। এইবোৰ পৰপোষী আৰু বিভিন্নপ্রকাৰৰ খাদ্য আহৰণৰ আচৰণ দেখুৱায়। প্রায়বোৰৰে কোষমুখ থাকে। সংকোচনশীল ৰিক্তিকা (Contractile vacuole) থাকে। ইহঁতৰ দুই প্রকাৰৰ কোষকেন্দ্র থাকে, যেনে – বৃহৎ কোষকেন্দ্র (Macronucleus) আৰু সূক্ষ্ম কোষকেন্দ্র (Micronucleus)। প্রথমটোৱে শৰীৰক্ৰিয়া আৰু জৈৱ-ৰাসায়নিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে আৰু দ্বিতীয়টোৱে জননকোষীয় কোষ হিচাপে কাম কৰে। অযৌন প্রজনন মুকুলন (Budding) আৰু বহুবিভাজন প্রক্ৰিয়াৰে সম্পন্ন হয়। যৌন প্রজনন সংযুগ্মন (Conjugation), স্বযুগ্মন (Autogamy) আৰু চাইট’গেমি (Cytogamy) প্রক্ৰিয়াৰে সম্পন্ন হয়। বাৰনেচে (Barnes) এই পর্বটোক তিনিটা শ্রেণীত ভাগ কৰিছে – 1. শ্রেণী: কাইনেট’ফ্রেগমিন’ফৰিয়া (Chinetofragminophorea): মুখীয় চিলিয়াবোৰ দৈহিক চিলিয়াতকৈ স্পষ্ট। কোষমুখ (Cytostome) প্রায়ে শীর্ষস্থ, মধ্য-পৃষ্ঠীয় নাইবা মধ্যগুহীয়। কোষগ্রসনীয় (Cytopharygeal apparatus) সজুলি স্পষ্ট। যৌগিক চিলিয়া সাধাৰণতে নেথাকে। উদাহৰণ : বালানটিডিয়াম (Balantidium), হেলিক’না (Helicona), ষ্টাইল’ক’না (Stylochona)। 2. শ্রেণী: অলিগ’হাইমেন’ফৰিয়া (Oligohymenophorea): তির্য্যক সজুলি বা মুখীয় সজুলি (Extrusion apparatus/Oral apparatus) স্পষ্ট। ইহঁতৰো মুখীয় চিলিয়াবোৰ দৈহিক চিলিয়াতকৈ স্পষ্ট। কোষমুখ পৃষ্ঠীয় কিন্তু অগ্রস্থ অংশৰ মুখীয় গহ্বৰৰ নিম্নাংশত অৱস্থিত। ইহঁতৰ কিছুমান প্রজাতি বর্মাবৃত (Loricate)। কিছুমান প্রজাতি নিবহীয় (Colonial)। উদাহৰণ : পেৰমেচিয়াম (Paramoecium), ভর্টিচেলা (Vorticella), ট্রাইক’ডিনা (Trichodina)। 3. শ্রেণী: পলিমেন’ফৰিয়া (Polymenophorea): আকৃতিত ডাঙৰ, মুক্তজীৱী আৰু মুক্তভাৱে সাতুৰি ফুৰা পৰজীৱী। তির্য্যক সজুলি বা মুখীয় সজুলি সম্পূর্ণ বিকশিত। কোষমুখ (Cytostome) মুখীয় গহ্বৰৰ নিম্নাংশত থাকে। পায়ুমুখ (Cytoproct) প্রায়ে নেথাকে। কিছুমানত বিশেষকৈ লৰেচি (Loracea) বিভাগটোত চিষ্টৰ সৃষ্টি হয়। উদাহৰণ : ষ্টেনটৰ (Stentor), নিক্ট’থেৰাচ (Nyctotherus), লেগ’চিয়া (Lagotia)। 1.4 প্রট’য’ৱাৰ চলন (Locomotion in Protozoa): এঠাইৰ পৰা আন ঠাইলৈ লৰাচৰা কৰাকে চলন বোলে। প্রায়বোৰ মুক্তজীৱী প্রট’য’ৱাৰে লৰচৰ কৰিব পৰা ক্ষমতা আছে। জীৱই চলনৰ দ্বাৰা বহুতো কার্য্যই সমাধা কৰে, যেনে – খাদ্য অন্বেষণ, অনুপযোগী পৰিবেশৰ পৰা নিজকে আঁতৰাই অনা ইত্যাদি। প্রট’য’ৱা ৰাজ্যৰ প্রাণীবোৰেও সিহঁতৰ এককোষীয় শৰীৰটোক ঠেলি আগুৱাই বা পিছুৱাই যাবলৈ কিছুমান বিশেষ প্রক্ৰিয়াৰে চলন কার্য্য সম্পন্ন কৰে। মুক্তজীৱী প্রট’য’ৱাৰ বেলেগ বেলেগ বিভাগবোৰৰ প্রাণীবোৰে বেলেগ বেলেগ ধৰণৰ চলনকার্য্য প্রদর্শণ কৰে। চার্কডিনা পর্বৰ প্রট’য’ৱাবোৰে ঘাইকৈ কূটপদৰ (Pseudopodia) সহায়ত আৰু চিলিয়াযুক্ত তথা ফ্লেজেলাযুক্ত প্রট’য’বাবোৰে চিলিয়া আৰু ফ্লেজেলাৰ সহায়ত চলন কার্য্য সম্পন্ন কৰে। প্রট’য’ৱাৰ চলনাংগসমূহক আমি প্রধানকৈ চাৰিটা ভাগত ভগাব পাৰো, যেনে – কূটপদ, চিলিয়া, ফ্লেজেলা আৰু মায়’নিম (Myoneme)। 1. কূটপদ (Pseudopodia): এইবোৰ ৰাইয’পডিয়া অতিশ্রেণীৰ প্রট’য’ৱাবোৰৰ দেহৰ পৰা ওলোৱা অস্থায়ী চলন অংগ, যাৰ সহায়ত এইবোৰে চলন কার্য্য সম্পন্ন কৰে আৰু এই অস্থায়ী অংগবোৰকে কূটপদ বোলে। অৱশ্যে চার্কমেষ্টিগ’-ফ’ৰাৰ অন্তর্গত কিছুমান জুমেষ্টিগ’-ফ’ৰাৰ প্রাণী, যেনে - চের্ক’মনাচ (Cercomonas), ক্ৰমুলিনা (Chro-mulina) আদিতো কূটপদ থাকে। কূটপদবিলাক বহিঃকোষপ্লাজম আৰু অন্তঃকোষপ্লাজমৰ দ্বাৰা গঠিত আৰু কোষাৱৰণেৰে আবৃত। এই কূটপদ দেহৰ যিকোনো ঠাইৰ পৰা ওলাব পাৰে আৰু যিফালেই ওলাব সেইফালেই প্রাণীটো আগুৱাই যাব। আকৃতি আৰু গঠনৰ ওপৰত ভিত্তি কৰি কূটপদবোৰক কিছুমান ভাগত ভগাব পাৰি, যেনে – (a) লব’পডিয়া (Lobopodia): আঙুলিসদৃশ, মূৰটো ঘূৰণীয়া আৰু আপেক্ষিকভাৱে চুটি আৰু বহিঃকোষপ্লাজম আৰু অন্তঃকোষপ্লাজমযুক্ত কূটপদবোৰক লব’পডিয়া বোলে। উদাহৰণ : এমিবা (Amoeba), এণ্টামিবা (Entamoeba), আর্চেলা (Arcella) আৰু ডাইফ্লুজিয়া (Diflugia)। (b) ফিল’পডিয়া (Filopodia): ফিল’পডিয়াবোৰ পাতল, সুতা আকৃতিৰ আৰু মূৰৰপিনে শাখাযুক্ত। গুৰিৰফালে এইবোৰ সামান্য ডাঙৰ, মূৰৰপিনে ক্ৰমান্বয়ে সৰু আৰু এইবোৰ মূৰৰপিনে জোঙা। কিছুমান ফিল’পডিয়া দানাযুক্ত। এইবোৰক গ্রেনুল’পডিয়া বোলে। ফিল’পডিয়াবোৰ দেহৰ পৰা চাৰিওফালে বিচ্ছুৰিত হৈ থাকে। উদাহৰণ : ইউগ্লাইফা (Euglypha), ক্লেমাইড’ম’নাচ (Chlamydomonas)। (c) ৰেটিকুল’পডিয়া (Reticulopodia): এই কূটপদবোৰো মিহি, পাতল আৰু সুতাৰ দৰে। এইবোৰ শৰীৰৰ পৰা বিচ্ছুৰিত হৈ অতিমাত্ৰা শাখাযুক্ত হৈ ইডালে সিডালৰ লগত সংযুক্ত হৈ জালিকাদৃশ ৰূপ ধাৰণ কৰে। এইবোৰক ৰাইজ’পডিয়া (Rhiozopodia) বুলিও কোৱা হয়। উদাহৰণ : গ্লবিজেৰিনা (Globigerina), এল’গ্রমিয়া (Allogromia)। (d) এক্স’পডিয়া (Axopodia): আনবোৰ কূটপদতকৈ এইবোৰ কূটপদৰ সংগঠন অতি জটিল। এইবোৰ দীঘল, চুঙা আকৃতিৰ আৰু ঠৰঙা প্রকৃতিৰ বহিঃকোষপ্লাজমীয় প্রবর্ধ আৰু এইবোৰ প্রাণীটোৰ শৰীৰৰ চাৰিওফালে বিচ্ছুৰিত হৈ থাকে। এক্স’পডিয়াবোৰৰ একোডালকৈ চুঙা আকৃতিৰ অক্ষীয় সূত্ৰ থাকে, য’ত কে’বাডালো অনুসুত্ৰ (Microtubules) পাক খাই থাকে। এই সংগঠনটোক এক্স’নিম (Axoneme) বুলিও কোৱা হয়। এই এক্স’নিমবোৰ ফ্লেজেলাত থকা অনুসূত্ৰৰ দৰে আৰু ইয়েই এক্স’পডিয়াৰ চলনত সহায় কৰে। এক্স’নিমবোৰ কোষৰ ভিতৰলৈ সোমাই গৈ মুক্তভাৱে (Actinosphaerium) নাইবা কোষকেন্দ্রৰ লগত সংযুক্ত হৈ থাকিব পাৰে (Actinophrys) আৰু কেতিয়াবা কেন্দ্রীয় দানাৰ লগত সংযুক্ত হৈ থাকিব পাৰে (Acanthocystis)। 2. ফ্লেজেলা (Flagella): ফ্লেজেলাবোৰ সাধাৰণতে ফ্লেজেলাযুক্ত কোষটোৰ সমান নাইবা তাতোকৈ বেছি দীঘল হ’ব পাৰে। এইবোৰ দীঘল, কোমল আৰু দেখাত চাবুকৰ নিচিনা। মেষ্টিগ’ফ’ৰা উপপর্বৰ প্রাণীবোৰৰ মূল বৈশিষ্ট্যই হ’ল ফ্লেজেলাৰ উপস্থিতি। কিছুমান ৰাইজ’পডিয়াৰ বিকাশাত্মক স্তৰতো ফ্লেজেলা থাকে। ফৰামিনিফেৰা, স্পৰ’য’ৱা আদি গোটৰ জননকোষটো ফ্লেজেলা থাকে। প্রত্যেকডাল ফ্লেজেলা কোষটোৰ আধাৰ দানা (Basal granule) বা কাইনেট’জ’মৰ (Kinetosome) পৰা উৎপত্তি হয়। অতিসংগঠন (Ultrastructure): চিলিয়া আৰু ফ্লেজেলাৰ অতিসংগঠন একেধৰণৰ। এইবোৰৰ আৱৰণখন কোষাৱৰণৰ সতে নিৰৱচ্ছিন্ন হৈ থাকে। ইয়াৰ ভিতৰত ভৌমদ্রৱ্য (Matrix) থাকে আৰু এই ভৌমদ্রৱ্যৰ প্রস্থচ্ছেদত 9 ডাল যুৰীয়া সংযুক্ত অনুসূত্ৰ আঙুঠি আকাৰত সজ্জিত হৈ থাকে আৰু যুৰীয়া সংযুক্ত অনুসুত্ৰবোৰে দুডাল কেন্দ্রীয় অনুসুত্ৰক চিত্ৰত দেখুওৱাৰ দৰে আগুৰি থাকে। 9 ডাল যুৰীয়া অনুসুত্ৰ আৰু দুডাল কেন্দ্রীয় অনুসুত্ৰৰ সংগঠনটোকে এক্স’নিম (Axoneme বোলে। যুৰীয়া অনুসূত্ৰডালৰ পৰিধীৰ ফালে এডাল ডাইনেইন প্র’টিনৰ বাহু থাকে কেন্দ্রৰ ফালে একেডালকৈ সংযোজক বাহু (নেক্সিন প্র’টিনৰ) থাকে। সংকোষকেন্দ্রীয় কোষৰ ফ্লেজেলা বা চিলিয়াৰ ভূমিত এটা আধাৰ পট্ট (Basal plate) থাকে। আধাৰ পট্টৰ তলতে থকা অংশটোক কাইনেট’জম (Kinetosome) বোলে। আধাৰ দেহত 9 ডাল অনুসূত্ৰ থাকে যদিও ইয়াত কেন্দ্রীয় অনুসূত্ৰ নেথাকে। কাইনেট’জমটোৰ সংগঠন চেণ্ট্রিঅ’লৰ দৰে। কাইনেট’জ’মত নলিকা A, নলিকা B আৰু নলিকা C সংযুক্ত হৈ একোটা গোটত থাকি 9 টা গোটৰ সৃষ্টি হয় আৰু প্রত্যেকটা গোট অৰীয় বাহুৰ (Radial spoke) দ্বাৰা কেন্দ্রীয় নলিকাৰ লগত সংযুক্ত হৈ থাকে। এক্স’নিমটো কোষাৱৰণেৰে আবৃত হৈ থাকে। অনুসূত্ৰবোৰ টিউবুলিন নামৰ প্র’টিনেৰে গঠিত। ফ্লেজেলাৰ প্রকাৰ (Types of Flagella): কিছুমান ফ্লেজেলাত চুলিসদৃশ পার্শ্বীয় উপাংগ থাকে আৰু এইবোৰক মেষ্টিগ’নিম (Mastigonemes) বুলি কোৱা হয়। এইবোৰে ফ্লেজেলাৰ পৃষ্ঠকালি বঢ়ায় দি ইয়াৰ চলন কার্য্যক্ষমতা বৃদ্ধি কৰে। মেষ্টিগ’নিমৰ সংগঠনৰ ওপৰত ভিত্তি কৰি ফ্লেজেলাবোৰক তলত দিয়া ভাগকেইটাত ভগাব পাৰি – ষ্টিক’নেমেটিক ফ্লেজেলা (Stichonematic flagellum): মেষ্টিগ’নিমবোৰৰ মাত্ৰ এটা শাৰীত ওপৰৰ পৰা তললৈ এফালে থাকিলে সেইবোৰক মেষ্টিগ’নিম ফ্লেজেলা বোলা হয়। উদাহৰণ : ইউগ্লেনা (Euglena), এচটাচিয়া (Astasia)। পেণ্ট’নেমেটিক ফ্লেজেলা (Pantonematic flagellum): এক্স’নিমত মেষ্টিগ’নিমবোৰ দুটা বা ততোধিক শাৰীত ওপৰৰ পৰা তললৈ থাকিলে সেইবোৰক পেণ্ট’নেমেটিক ফ্লেজেলা বোলা হয়। উদাহৰণ : পেৰানিমা (Peranema), মনাচ (Monas)। এক্ৰ’নেমেটিক ফ্লেজেলা (Acronematic flagellum): এইবোৰ এক্স’নিমত মেষ্টিগ’নিম নেথাকে আৰু ইয়াত প্রান্তীয় মূৰত এক্স’নিমডাল নগ্নভাৱে থাকে। উদাহৰণ : ক্লেট্‌নিড’মনাচ (Chlatnydomonas), পলিট’মা (Polytoma)। পেণ্টাক্ৰ’নেমেটিক ফ্লেজেলা (Pantacronematic flagellum): ইয়াতো এক্স’নিমডালত দুই বা ততোধিক শাৰীৰ মেষ্টিগ’নিম থাকে যদিও এক্স’নিমডালৰ প্রান্তীয় মূৰটো নগ্ন হৈ থাকে। উদাহৰণ : আৰর্চিঅ’লাচ (Arceolus)। এনেমেটিক ফ্লেজেলা (Anematic flagellum): এইবোৰ মেষ্টিগ’নিমবিহীন সৰল প্রকৃতিৰ ফ্লেজেলা আৰু ইয়াতো এক্স’নিমৰ প্রান্তীয় মূৰটো নগ্ন। উদাহৰণ : কাইল’মনাচ (Chilomonas), ক্ৰিপ্ট’মনাচ (Cryptonomas)। তৰংগায়িত আৱৰণৰ সৈতে ফ্লেজেলা (Flagellum with undulating membrane): ট্রিপোন’চমাৰ (Trypanosoma) ফ্লেজেলাডালৰ গুৰিৰপিনে তৰংগায়িত আৱৰণখন সংযুক্ত হৈ থাকে। 3. চিলিয়া (Cilia): চিলিয়াবোৰ অতি কম্পনাংকসম্পন্ন চুটি বহিঃকোষপ্রৰসীয় প্রৱর্ধ। এইবোৰ কাইনেট’জমৰ পৰা উৎপত্তি হয়। চিলিয়াবোৰ হ’ল চিলিয়েটা বিভাগৰ আদ্যপ্রাণীৰ বিশেষ চৰিত্ৰ যদিও চাকটৰিয়া (Suctoria) বিভাগৰ প্রট’য’ৱাবোৰৰ পলু অৱস্থাতো চিলিয়া থাকে। আদিম প্রট’য’ৱাবোৰৰ (e.g. Opalina, paramecium) গোটেই দেহযুৰি চিলিয়াই আৱৰি ৰাখে যদিও কিছুমান বিশেষ প্রৰূপীয় প্রট’য’ৱাৰ অকল কিছুমান বিশেষ অঞ্চলতহে চিলিয়া থাকে (e.g. Vorticella)। চিলিয়াবোৰ সাধাৰণতে অনুদৈর্ঘ্য, তির্য্যক নাইবা সর্পিল আকাৰে শাৰী শাৰীকৈ থাকে। চিলিয়াবোৰ সম দৈর্ঘ্যৰ হয় যদিও কিছুমান প্রট’য’ৱাৰ কিছুমান অঞ্চলত এইবোৰৰ দৈর্ঘ্য আপেক্ষিকভাৱে দীঘল হোৱা দেখা যায়, যেনে পেৰামেচিয়ামৰ পুচ্ছীয় গুচ্ছটোৰ (Caudal tuft) চিলিয়াবোৰ দৈহিক চিলিয়াতকৈ দীঘল। 4. মায়’নিম (Myonemes): মায়’নিমবোৰ কিছুমান চিলিয়েটা, ফ্লেজিলেটা, স্পৰ’য’ৱাৰ আৰু ইনফিউচৰিয়ানৰ (Infusorian) অনুত্বকত থকা অতি সূক্ষ্ম আৰু অতি সংকোচনশীল তথা স্থিতিস্থাপক সূত্ৰিকা যদিও কিছুমান চিলিয়েটা আৰু স্পৰ’য’ৱাত এইবোৰ অতিকৈ বিকশিত। মায়’নিমবোৰ অনুদৈর্ঘ্য, অনুপ্রস্থ নাইবা সর্পিলাকাৰে সজ্জিত হৈ থাকে। যদিও মায়’নিমবোৰে প্রধানতঃ চলনত সহায় কৰে তথাপি এইবোৰে দেহৰ আকৃতি তথা আকাৰো পৰিৱর্তন কৰিব পাৰে। মায়’নিমবোৰে অংগৰ তৰংগায়িতকৰণৰ দ্বাৰা তিনি প্রকাৰে কাম কৰিব পাৰে, যেনে –মন্থৰ সংকোচন, ক্ষিপ্র সংকোচন আৰু শিথিলকৰণ। এনেদৰে প্রানীটোৱে চলন নাইবা পৰিসর্পন কৰিব পাৰে। একান্থমেটৃন নামৰ আদ্যপ্রাণীটোৰ 20-30 ডাল মায়’নিম থাকে আৰু এইবোৰে জলস্থৈতিক অংগ হিচাপে কাম কৰে। মায়’নিমৰ সংকোচন আৰু প্রসাৰণৰ দ্বাৰা দেহটোৰ আয়তনৰ পৰিৱর্তন ঘটাই ই পানীত ডুব মাৰিবও পাৰে নাইবা ওপঙি উঠিব পাৰে। প্রট’য’ৱাৰ চলন প্রক্ৰিয়া (Modes of locomotion in Protozoa): প্রট’য’ৱা বিভাগটোত প্রধানতঃ চাৰি প্রকাৰৰ চলন দেখিবলে পোৱা যায় – এমিবীয় চলন (Amoeboid movement) ফ্লেজেলীয় চলন (Flagellar movement) চিলিয়াৰী চলন (Ciliary movement) বিপাকীয় চলন (Metabolic movement) এমিবীয় চলন (Amoeboid movement): কূটপদ গঠনৰ দ্বাৰা এমিবা, এণ্টামিবা আৰু কিছুমান চার্কডিনা, মেষ্টিগ’ফৰা আৰু স্পৰ’য’ৱা আদি গোটৰ প্রাণীয়ে চলন কার্য্য সম্পন্ন কৰে। কূটপদবোৰ শৰীৰৰ যিকোনো অংশৰ পৰা ওলোৱা আঙুলিসদৃস প্রৱর্ধ। প্রয়োজন সাপেক্ষে শৰীৰৰ পৰা এইবোৰ বাহিৰলৈ ওলাবও পাৰে আৰু সোমাবও পাৰে। কূটপদবোৰ যিফালে ওলাই প্রাণীটো সেইফালেই অগ্রসৰ হয়। কোষপ্রৰসৰ প্রৱাহৰ দ্বাৰা কূটপদৰ সৃষ্টি হয়। দেহৰ অন্য অংশৰ কূটপদৰ পৰা কোষপ্রৰসৰ প্রবাহে ঠিক একেদৰে কূটপদৰ ভিতৰৰ পৰা কোষপ্রৰসবোৰ উলিয়াই লৈ আহে। কূটপদৰ সৃষ্টি আৰু ইয়াৰ দ্বাৰা কেনেকৈ প্রাণীটোৱে গমন কৰিব পাৰে তাকে ব্যাখ্যা কৰিবলৈ কেবাটাও সূত্ৰ আগবঢ়োৱা হৈছে। এই সূত্ৰবোৰৰ ভিতৰত হাইমেনৰ চল-জেল সূত্ৰটো (Sol-Gel Theory of Hyman, 1917) আটাইতকৈ গ্রহণযোগ্য বুলি প্রাণীবিজ্ঞানীসকলে বিশ্বাস কৰে। হাইমেনৰ চল-জেল সূত্ৰ (Sol-Gel Theory of Hyman, 1917): হাইমেনে আগবঢ়োৱা চল-জেল সূত্ৰটো পেনটিন (Pantin, 1923-26) আৰু মাষ্টে (Mast, 1925) সম্পূর্ণ সমর্থন আগবঢ়াইছিল। এই সূত্ৰটোৱেই এমিবীয় চলনৰ ক্ৰিয়া পদ্ধতি ধুনীয়াকৈ ব্যাখ্যা কৰিছে। চল আৰু জেলৰ উভয়মুখী পৰিৱর্তনকে এমিবীয় চলনৰ ভিত্তি বুলি ধৰা হয়। কোষাৱৰণৰ ঠিক তলতে থকা দানাহীন স্বচ্ছ অঞ্চলটোক বহিঃপ্লাজম বোলে। এই বহিঃপ্লাজমখিনি জেল (Gel) অৱস্থাত থাকে বাবে ইয়াক প্লাজম’জেল (Plasmogel) বোলে। বহিঃপ্লাজমখিনিয়ে ভিতৰৰ অন্তঃপ্লাজমখিনিক আগুৰি ৰাখে। ভিতৰৰ অন্তঃপ্লাজমখিনি দানাযুক্ত আৰু চল (Sol) অৱস্থাত থাকে বাবে ইয়াক প্লাজম’চল (Plasmosol) বোলে। মাষ্টৰ মতে এমিবীয় চলন চাৰিটা স্তৰৰ মাজেৰে সাধিত হয় – (i) ভিত্তি বস্তুৰ লগত এমিবাৰ সংযোগ স্থাপন, (ii) আগবাঢ়ি থকা কূটপদৰ সন্মুখ অংশৰ প্লাজম’চলখিনিৰ (Plasmosol) জেল অৱস্থালৈ পৰিৱর্তন, (iii) কূটপদৰ পশ্চাৎ অংশত থকা প্লাজম’জেলখিনি (Plasmogen) চল অৱস্থালৈ পৰিৱর্তন আৰু লাহে লাহে এনেদৰে কূটপদ অদৃশ্য হ’বলৈ ধৰে আৰু (iv) পশ্চাৎ প্রান্তৰ প্লাজম’জেল নলীটোৰ সংকোচন হৈ প্লাজম’চলখিনিক আগলৈ ঠেলি দিয়া। অগ্রখণ্ডৰ প্লাজম’চলখিনি প্লাজম’জেললৈ ৰূপান্তৰ হোৱাৰ লগে লগে প্লাজম’জেল নলীটো সন্মুখৰ পিনে আগবাঢ়ে আৰু পশ্চাৎ অংশত ই প্লাজম’চললৈ ৰূপান্তৰ হয় আৰু লগে লগে প্লাজম’জেল নলীটোৰে প্লাজম’চলখিনিক আগলৈ ঠেলি পঠিয়াই কূটপদ সৃষ্টি কৰে। কূটপদৰ অগ্রভাগত এখন পাতল প্লাজম’জেলৰ স্তৰ এটা থাকে আৰু এই স্তৰটোৰ বাবে প্লাজম’চলে প্লাজমা আৱৰণৰ সংস্পর্শত আহিব নোৱাৰে। কিন্ত এই প্লাজম’জেলৰ বেৰখন এটা সময়ত ভাঙি যায় আৰু তেতিয়া প্লাজম’চলৰ সোঁত হায়ালিন টুপিটোত (Hyalin cap) সোমাই আৰু হায়ালিন টুপিত প্লাজম’চলৰ পৰা ৰূপান্তৰিত হৈ আকৌ নতুন এখন প্লাজম’জেলৰ আৱৰণ সৃষ্টি হয়। টান খাই থকা অৱস্থাত প্লাজম’জেলখিনি স্থিতিস্থাপক হোৱা বাবে য’ত স্থিতিস্থাপক শক্তি কম থাকে তালৈ ইয়াক ঠেলি দিয়া হয় আৰু এনেকৈ কূটপদ সৃষ্টি হয়। এমিবাৰ চলনৰ সময়ত কাষৰফালে, মধ্যৱর্তী অংশত আৰু পশ্চাৎ দিশত থকা প্লাজম’জেলৰ স্থিতিস্থাপক শক্তি বেছি থাকে আৰু অগ্র প্রান্তত কম হোৱা বাবে প্রাণীটোৰ আকৃতি দীঘলীয়া হয় আৰু সন্মুখ অংশৰ অগ্রমুখী সম্প্রসাৰণে প্রাণীটোক আগুৱাই লৈ যায়। অণু জাপখোৱা আৰু মেলখোৱা সূত্ৰ (Molecular Folding-Unfolding Theory): গল্ডএক্ৰি আৰু লর্চৰ (Goldacre and Lorch, 1950) অণু জাপখোৱা আৰু মেলখোৱা সূত্ৰ (Molecular Folding-Unfolding Theory, 1950) অনুসৰি প্লাজম’জেলৰ নলীৰ সংকোচনে প্রাণীটোৰ চলনৰ কাৰণে পর্য্যাপ্ত শক্তি যোগান ধৰিব নোৱাৰে। তেওঁলোকে মত আগবঢ়াইছিল যে যেতিয়া প্র’টিন অণুবোৰ মেল খাই তেতিয়া ই জেল অৱস্থালৈ যায় আৰু যেতিয়াই জাপ খাই তেতিয়া ই চল অৱস্থালৈ যায়। অন্তঃপ্লাজমত প্রটিন অণুবোৰ সংহতভাৱে জাপ খাই থাকে। নতুনকৈ সৃষ্টি হোৱা কূটপদৰ প্রান্তত প্র’টিনৰ এই অণুবোৰ মেল খাই এখন চিধা আৰু মেলখোৱা সংলগ্ন অণুৰ স্তৰ এটা সৃষ্টি কৰে। পশ্চাৎ দিশত থকা প্রটিন অণুবোৰে জাপ খাবলৈ আৰম্ভ কৰে আৰু এনেদৰে এইবোৰে সংকোচনশীল শক্তিৰ সৃষ্টি কৰে। এমিবাৰ ক্ষেত্ৰত সংকোচনশীলতা পশ্চাৎ দিশত আবদ্ধ হৈ সংকুচিত প্র’টিনবোৰক সন্মুখৰ পিনে ঠেলি দিয়ে। প্রাণীটোৱে গতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে পশ্চাৎ দিশৰ প্লাজম’জেল সংকুচিত হয় আৰু ই প্লাজম’চললৈ ৰূপান্তৰ হৈ সন্মুখৰ পিনে ববলৈ আৰম্ভ কৰে। সন্মুখত ই আকৌ জেললৈ পৰিৱর্তন হৈ কূটপদ সৃষ্টি কৰে। পশ্চাৎ দিশত থকা অণুবোৰ আৰু অধিক জাপ খাই চল সৃষ্টি কৰে আৰু অন্তঃপ্লাজমৰ সন্মুখৰ পিনে আহিবলৈ ধৰে। এনেকুৱা অণুবোৰে এমিবাটোৰ কাষৰীয় অঞ্চলত থকা বস্তুবোৰক আকর্ষিত কৰি পশ্চাৎ দিশত সংগ্রহ কৰি ৰাখে আৰু পুনৰ সংকোচনশীলতা শক্তিৰ সৃষ্টি কৰে। এমিবাটোৰ পশ্চাৎ অংশটো চেপা খাই প্লাজম’চলখিনি সন্মুখলৈ গতি কৰে যাৰ ফলত নতুন কূটপদৰ সৃষ্টি হয়। এমিবাৰ চলন আৰু প্র’টিন অণুৰ জাপখোৱা আৰু মেলখোৱা আদি কার্য্যৰ বাবে প্রয়োজনীয় শক্তি কোষত থকা ATP অণুৱে যোগান ধৰে। আসংযক সূত্ৰ (Adhesion Theory): এই সূত্ৰ মতে এমিবাই খহতা পৃষ্ঠ এখনত পানীৰ টোপাল এটা বাগৰি যোৱাৰ দৰে গতি কৰি সন্মুখৰ পিনে আগবাঢ়ে। বার্থয়ডৰ (Berthoid, 1886) মতে প্রাণীটোৰ কোষাৱৰণ আৰু আধাৰ বস্তুৰ পৃষ্ঠটানৰ পার্থক্যই এমিবীয় গতিৰ সৃষ্টি কৰে। এঠা খাই লাগি ধৰা গুণটোৰ কাৰণে আসংযক পথটোত কূটপদ সৃষ্টি হয়। বাগৰি যোৱা চলন সূত্ৰ (Rolling Movement Theory): জেনিঙে (Jenning, 1904) এমিবা ভাৰুক’চা (Amoeba verrucosa) নামৰ কূটপদ প্রায় সৃষ্টি নোহোৱা প্রাণীটোৰ চলনৰ ওপৰত অধ্যয়ন কৰিছিল। তেওঁ এটা গৈ থকা এমিবা ভাৰুকচাৰ পৃষ্ঠৰ ওপৰত এটা লেম্পৰ ছাইৰ (কার্বন) কণা ৰাখি প্রাণীটোৱে বাগৰি বাগৰি যোৱা চলন পর্য্যবেক্ষণ কৰিছিল। সংকোচন সূত্ৰ (Contraction Theory): ডেলিন্‌জাৰে (Dellinger, 1906) পার্শ্বীয় দিশৰ পৰা এমিবা প্রটিয়াছৰ চলন অধ্যয়ন কৰি মত পোষণ কৰিছিল যে অন্তঃপ্লাজমত থকা কিছুমান সংকোচনশীল বস্তুৱে কূটপদ সৃষ্টি কৰে। এই কূপদৰ সহায়ত এমিবাই খোজ কঢ়াৰ দৰেও আগবাঢ়িব পাৰে। ফোৱাৰা অঞ্চলৰ সংকোচন সূত্ৰ (Fountain-Zone Contraction Theory): এই সূত্ৰটো এলেনে (Allen,1961) আগবঢ়াইছিল। এই সূত্ৰ মতে অন্তঃপ্লাজমত থকা প্র’টিন অনুৰ সংকোচন আৰু সম্প্রসাৰণৰ ফলত ফোৱাৰৰ সৃষ্টি হয়। এমিবীয় গতিৰ ৰসাকর্ষণ সম্পর্কীয় সূত্ৰ (Fountain-Zone Contraction Theory): ৰাপার্ট আৰু বাৰ্‌নেচে (Ruppert and Barnes, 1984) আগবঢ়োৱা এই সূত্ৰ মতে একটিন নামৰ প্র’টিনৰ দ্বাৰা সৃষ্টি হোৱা জালিকাই অন্তঃপ্লাজমত জেল অৱস্থাৰ সৃষ্টি কৰে। ইয়াত ৰাসায়নিক সংকেত আৱৰণ গ্রহিতাৰ লগত লগ লাগি একটিন জালিকাক বিযোগীকৰণ (Depolarization) কৰি তোলে। বিযোগীকৃত একটিন উপএককবোৰে অন্তঃপ্লাজমৰ এই অঞ্চলৰ আসৃতি গাঢ়তা বৃদ্ধি কৰে যাৰ ফলত অন্তঃপ্লাজমৰ পৰা ভিতৰৰ পিনে পানী ববলৈ ধৰে। পানীৰ অন্তঃপ্রৱাহৰ কাৰণে কোষৰ বিবর্ধন ঘটি কূটপদৰ সৃষ্টি হয়। কূটপদৰ মূৰটোৰ পৰিধীয় দিশত একটিন উপএককবোৰ কংকালীয় জালিকা হিচাপে পুনৰ বহুযোগীকৃত হয়। 2. ফ্লেজেলীয় চলন (Flagellar movement): এনেকুৱা ধৰণৰ চলন চার্ক’মেষ্টিগ’ফৰা পর্বৰ অন্তর্গত মেষ্টিগ’ফৰা উপপর্বৰ প্রাণীবোৰৰ বিশেষ লক্ষণ। এই উপপর্বৰ প্রাণীবোৰক কশাধাৰী আদ্যপ্রাণী (Flagellated Protozoa) বুলি কোৱা হয়। উদাহৰণ: ইউগ্লেনা (Euglena)। ইউগ্লেনাই স্থিতিস্থাপক কশা বা ফ্লেজেলাডালক নিৰৱচ্ছিন্নভাৱে কোবাই সৃষ্টি কৰা ঢৌবোৰ কশাডালৰ গুৰিৰ পৰা আগলৈকে বাগৰি যায়, যাৰ ফলত এই গতিসম্পন্ন কম্পনে ইউগ্লেনাৰ দেহটো সন্মুখৰ ফালে আগবাঢ়ি যোৱাত সহায় কৰে। ইউগ্লেনাত চাৰি ধৰণৰ ফ্লেজেলীয় চলন পৰিলক্ষিত কৰা হৈছে- (a) স্ক্ৰু প্রপেলাৰ থিয়ৰি (Screw Propellar Theory): বাটছ্‌লিৰ (Butschli) মতে স্ক্ৰুত থকা সর্পিল পাকবোৰে যেনেকৈ স্ক্ৰুটোক কোনো এটুকুৰা কাঠৰ বস্তুত স্ক্ৰু ড্রাইভাৰেৰে পকাই দিলে সন্মুখৰ পিনে আগুৱাই ঠেলি দিয়ে, ঠিক তেনেদৰে ফ্লেজেলাত সৃষ্টি হোৱা সর্পিল ঢৌবোৰ এটাৰ পিছত এটাকৈ ভূমিৰ পৰা সন্মুখৰ পিনে আগুৱাই গৈ প্রাণীটোক আগুৱাই যোৱাত সহায় কৰে। (b) চার্কুলাৰ বিট থিয়ৰি (Circular Beat Theory): মেটজ্‌নাৰে (Metzner) আগবঢ়োৱা এই সূত্ৰ মতে ফ্লেজেলাডালে বৃত্তীয় আকাৰে ঘূৰি থাকি শংকু এটাৰ অনুৰেখন কৰা পদ্ধতিৰে প্রাণীটোৱে আগুৱাই যাবলৈ পানীত পর্য্যাপ্ত সোঁত সৃষ্টি কৰে। (c) কাষৰীয় কশাঘাট চলন (Sideways Lashing Movement): উলেহ্‌লা (Ulehla) আৰু ক্ৰিজচ্‌মানে (Krijsman) 1925 চনত এনেকুৱা চলনৰ বিষয়ে অবগত কৰে। তেওঁলোকৰ মতে ফ্লেজেলাই কাষৰীয়াকৈ কশাঘাট কৰোতে এটা কার্য্যকৰী নিম্নমুখী আঘাত (Down stroke) আৰু এটা সুস্থিৰ পুনৰ প্রাপ্তি আঘাত (Recovery stroke) সৃষ্টি হয়। এনেকৈ প্রাণীটোৱে আগুৱাই যাবলৈ সক্ষম হয়। (d) তৰংগায়িত চলন (Undulating Movement): ফ্লেজেলাত সৃষ্টি হোৱা তৰংগায়িত ঢৌবোৰ ফ্লেজেলাৰ মূৰটোৰ পৰা গুৰিৰ পিনে আগবাঢ়িলে প্রাণীটো সন্মুখৰ পিনে আগুৱাই যায়, আকৌ ঢৌবোৰ গুৰিৰ পৰা মূৰলৈকে গতি কৰিলে প্রাণীটো পিছুৱাই যায়। তৰংগায়িত ঢৌবোৰ সর্পিল আকাৰৰ পাকখোৱা হ’লে প্রাণীটোৱে বিপৰীত দিশত ঘূৰে। 3. চিলিয়াৰী চলন (Ciliary movement): চিলিয়াযুক্ত প্রাণীবোৰে চিলিয়াৰ সহায়ত চলন কার্য্য সম্পাদন কৰে। এই প্রাণীবোৰৰ দেহত অসংখ্য ক্ষুদ্র ক্ষুদ্র, চুলিসদৃশ, মিহি আৰু চুটি চুটি চিলিয়া থাকে। চিলিঅ’ফৰা পর্বৰ অলিগ’হাইমেন’ফৰিয়াবোৰৰ পেৰামেচিয়াম চিলিয়াৰী চলন অধ্যয়নৰ ক্ষেত্ৰত এটা বিশেষ নিদর্শণ। চার্কমেষ্টিফৰাৰ পর্বৰ অপালিনেটা শ্রেণীৰ অপালিনায়ো (Opalina) চিলিয়াৰ সহায়ত চলাচল কৰে। চিলিয়াৰী চলন ফ্লেজেলীয় চলনৰ সৈতে প্রায় একে। দুয়োবিধ চলনতে কার্য্যকৰী আঘাত আৰু পুনৰুদ্ধাৰ আঘাতৰ দ্বাৰা প্রাণীটোৱে গমন কার্য্য সম্পন্ন কৰে। চিলিয়াৰ দ্বাৰা যিটো দিশত আঘাত কৰে সেইটো দিশত পানীৰ সোঁত বয় আৰু বিপৰীত দিশত প্রাণীটো আগবাঢ়ে। এইবোৰ প্রাণীয়ে গোটেইবিলাক চিলিয়া একেলগে ব্যৱহাৰ নকৰে বৰঞ্চ ইডালৰ পিছত সিডালকৈ চালিত কৰে। অর্থাৎ প্রথমডাল চিলিয়া চালিত কৰাৰ ঠিক পিছতহে দ্বিতীয়ডাল তাৰ পাছত তৃতীয়ডাল চালিত কৰে। কার্য্যকৰী চলনৰ সময়ত ঠিয় চিলিয়াবোৰক নাৱৰ ব’ঠাৰ নিচিনাকৈ পিছপিনে ঠেলি পঠিওৱা হয় আৰু তেতিয়াই প্রাণীটো সন্মুখৰ পিনে আগবাঢ়ে। চিলিয়াবোৰ আগৰ অৱস্থানলৈ ঘূৰি অহাৰ সময়ত চিলিয়াবোৰ নৰম আৰু বেকা হয়। চলনৰ সময়ত মন কৰিবলগীয়া বিশেষত্ব এয়ে যে কার্য্যকৰী চলনৰ সময়ত চিলিয়াবোৰ পোনে পোনে পিছফালে নগৈ সোঁফালে তির্য্যকভাৱে চালিত হয়। সেইবাবেই চলনৰ সময়ত পেৰামেচিয়ামৰ দেহটো স্থিৰভাৱে গতি নকৰি পাক খাই সর্পিল আকাৰে গতি কৰে। পেৰামেচিয়ামবোৰ আটাইতকৈ তীব্র গতিত গমন কৰা আদ্যপ্রাণী (Protozoa)। পেৰামেচিয়ামে প্রতি চেকেণ্ডত 200µm - 400µm বেগত গতি কৰে। 4. বিপাকীয় চলন (Metabolic movement): বিপাকীয় চলনক বিসর্পিল চলন বা গ্লাইডিং (Gliding), ক্ৰমাংকুচক চলন (Peristaltic) আৰু পৰিসর্পণ চলন (Wriggling) বুলিও কোৱা হয়। এপিকম্প্লেক্সা পর্বৰ স্পৰ’য’ৱা শ্রেণীৰ প্রাণী (eg. Monocystis) আৰু কিছুমান ফ্লেজেলাযুক্ত প্রাণীৰ (eg. Euglena) ক্ষেত্ৰত এনেকুৱা ধৰণৰ চলন দেখা পোৱা যায়। এইবোৰ প্রাণীৰ দেহত থকা সংকোচনশীল মায়’নিমবোৰৰ (Myonemes) সংকোচন আৰু সম্প্রসাৰণৰ ফলত প্রাণীটোৰ শৰীৰৰ আকৃতি পৰিৱর্তন হৈ যি আপেক্ষিক স্থানান্তৰণ হয় তাকে বিপাকীয় চলন বোলে। মন’চিষ্টিচ নামৰ পৰজীৱীটোৱে পোষক প্রাণীটোৰ শৰীৰৰ আভ্যন্তৰীণ তৰলত এনেধৰণে বিসর্পিল পক্ৰিয়াৰে নিজকে স্থানান্তৰ কৰে। ইউগ্লেনাই মায়’নিমৰ সংকোচন আৰু সম্প্রসাৰণৰ দ্বাৰা শৰীৰৰ সন্মুখৰ পৰা পশ্চাৎ দিশলৈ এটাৰ পাছত এটাকৈ বিকল্পি ঢৌৰ সৃষ্টি কৰি আগুৱাই গৈ থাকে। ইউগ্লেনাৰ এনেকুৱা চলনক ইউগ্লেনয়ড চলন (Euglenoid movement) বোলা হয়। সাম্ভাৱ্য প্রশ্নাৱলী A. অতি চমু উত্তৰৰ প্রশ্ন: কোনে প্রথমতে বেক্টেৰিয়া আদি জীৱসমূহক মনেৰা নামৰ ৰাজ্যত অন্তর্ভুক্ত কৰিছিল? কোনে জীৱজগতৰ বর্গীকৰণৰ পঞ্চৰাজ্য পদ্ধতি আগবঢ়াইছিল? কোনখন ৰাজ্যৰ প্রাণীক প্রকোষকেন্দ্রীয় মনেৰা আৰু সংকোষকেন্দ্রীয় বহুকোষী জীৱৰ মাজৰ যোগসূত্ৰ বা সংযোজী লগ্ন বুলি কোৱা হয়? প্রটিষ্টা ৰাজ্যৰ প্রতিষ্ঠাপক কোন আছিল? কোনবিধ ডায়ান’ফ্লিলেটৰ অতিবৃদ্ধিৰ ফলত সাগৰত ৰঙা জোৱাৰৰ (Red tide) সৃষ্টি হয়? ইউগ্লেনয়ডছ্‌ৰ কোষবেৰৰ পৰিৱর্তে কি থাকে। ক্ৰিচফাইটছ্‌ৰ কোনবোৰ প্রাণীক সাগৰৰ মুখ্য উৎপাদক বুলি কোৱা হয়? কোনবিধ জেন্থফিলৰ উপস্থিতিৰ বাবে ডায়েটমবোৰ সোনালী ৰঙৰ হয়? এমিবা প্রটিয়াছ নামৰ প্রট’য’ৱাবিধ কোনে প্রথমে আবিষ্কাৰ কৰিছিল? প্রট’য’ৱা নামটো কোনে আগবঢ়াইছিল? টাইপেনচমা গেম্‌বিয়েন নামৰ প্রট’য’ৱাটোৱে মানুহৰ কি ৰোগ সৃষ্টি কৰে? মেলেৰিয়া ৰোগ সৃষ্টিকাৰী প্রট’য’ৱাবিধৰ নাম কি? এবিধ চিলিয়াযুক্ত প্রট’য’ৱাৰ নাম লিখা? মানুহক সংক্ৰমণ ঘটোৱা একমাত্ৰ চিলিঅ’ফৰা পর্বৰ প্রট’য’ৱাবিধ কি? B. চমু উত্তৰৰ প্রশ্ন: ক’পলেণ্ডে জীৱসমূহক কি কি চাৰিটা ভাগত ভাগ কৰিছিল? হুইটেকাৰৰ পঞ্চৰাজ্যত কি কি ৰাজ্য আছে? প্রটিষ্টা বর্গৰ প্রাণীসমূহে কি কি প্রকাৰৰ চলন দেখুৱায়? ডায়ান’ফ্লেজিলেটৰ এটা প্রধান বৈশিষ্ট্য আৰু দুটা উদাহৰণ দিয়া। পত্ৰহৰিৎ থকা স্বত্বেও ইউগ্লেনয়ডছ্‌বোৰক কিয় উদ্ভিদ ৰাজ্যত অন্তর্ভুক্ত কৰা নহয়? ডায়েটমৰ মৃত্তিকা বুলিলে কি বুজা? বাৰনেচে Invertebrate Zoology নামৰ পুথিখনৰ পঞ্চম সংস্কৰণত প্রট’য’ৱাবোৰক কেইটা পর্বত ভাগ কৰিছিল আৰু এই পর্বকেইটা কি কি? উপপর্ব মেষ্টিগ’ফৰাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। স্পৰ’য’ৱা শ্রেণীৰ বৈশিষ্ট্যসমূহ চমুকৈ বর্ণনা কৰা। C. ৰচনাধর্মী উত্তৰৰ প্রশ্ন: মনেৰা ৰাজ্যৰ জীৱবোৰৰ প্রধান বৈশিষ্ট্য উদাহৰণসহ ব্যাখ্যা কৰা। শ্লেষ্ম ভেঁকুৰ বুলিলে কি বুজা? শ্লেষ্ম ভেঁকুৰৰ বিষয়ে চমুকৈ বর্ণনা কৰা প্রট’য’ৱাৰ পর্বকেইটাৰ সাধাৰণ লক্ষণসমূহ উল্লেখ কৰা। চার্কমেষ্টিগ’ফ’ৰা পর্বটোৰ মুখ্য চৰিত্ৰসমূহ উল্লেখ কৰি প্রত্যেকটো শ্রেণীৰে একোটাকৈ উদাহৰণ দিয়া। চার্কডিনা উপপর্বটোৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি শ্রেণীলেকে শ্রেণীবিভাজন কৰা আৰু প্রত্যেকটোন শ্রেণীৰে একোটাকৈ উদাহৰণ দিয়া। এপিকম্‌প্লেক্সা পর্বটোৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা আৰু উদাহৰণসহ শ্রেণীলৈকে শ্রেণীবিভাজন কৰা। মাইক্ৰ’স্পৰা পর্বটোৰ বৈশিষ্ট্যসমূহ উল্লখ কৰি শ্রেণীলেকে শ্রেণিবিভাজন কৰা। এটা এপিকম্‌প্লেক্সা পর্বৰ প্রট’য’ৱাৰ আদর্শ চিত্ৰ অংকন কৰি বিভিন্ন অংশবোৰ দেখুওৱা। চিলিঅ’ফৰা পর্বৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। প্রট’য’ৱাৰ চলন চমুকৈ বর্ণনা কৰা। আকৃতি আৰু গঠনৰ ওপৰত ভিত্তি কৰি কূটপদবিলাকৰ শ্রেণীবিভাজন কৰি চিত্ৰসহ বুজাই লিখা। চিলিয়া আৰু ফ্লেজেলাৰ অতিসংগঠন চিত্ৰসহ বর্ণনা কৰা। মেষ্টিগ’নিমৰসংগঠনৰ ওপৰত ভিত্তি কৰি ফ্লেজেলাবোৰক কি কি ভাগত ভাগ কৰা হৈছে বর্ণনা কৰা। চিলিয়া আৰু ফ্লেজেলাৰ পার্থক্য বর্ণনা কৰা। এমিবীয় চলন বুলিলে কি বুজা? এমিবীয় চলনৰ সূত্ৰসমূহ আলোচনা কৰা।"

Table of Contents

সূচীপত্ৰ
অধ্যায়-1 প্রটিষ্টা ৰাজ্য 1-28
1.1 প্রটিষ্টা ৰাজ্য 2
1.2 প্রট’য’ৱাৰ শ্রেণীবিভাজন 8
1.3 প্রট’য’ৱাৰ চলন 18
অধ্যায়-2 ৰন্ধ্রীপ্রাণী 29-38
2.1 ৰন্ধ্রীপ্রাণীৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ 29
2.2 ৰন্ধ্রীপ্রাণীৰ শ্রেণীবিভাজন 32
2.3 ছাইকনৰ নলতন্ত্ৰ 35
অধ্যায়-3 নিডেৰিয়া 39-48
3.1 নিডেৰিয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ 39
3.2 নিডেৰিয়া পর্বৰ শ্রেণীবিভাজন 41
3.3 হাইড্র’জ’ৱাৰ বহুৰূপতা 43
অধ্যায়-4 প্লেটিহেল্‌মিন্থিছ 49-59
4.1 প্লেটিহেল্‌মিন্থিছৰ সাধাৰণ লক্ষণসমূহ 49
4.2 প্রেটিহেল্‌মিন্থিছৰ শ্রেণীবিভাজন 50
4.3 ফিটা পেলু 55
অধ্যায়-5 নিমাথেলমিন্থিছ 60-69
5.1 নিমাথেলমিন্থিছৰ সাধাৰণ লক্ষণসমূহ 61
5.2 নিমাথেলমিন্থিছৰ শ্রেণীবিভাজন 62
5.3 ঘূৰণীয়া পেলু 64
অধ্যায়-6 বলয়ী প্রাণী 70-77
6.1 বলয়ী প্রাণীৰ সাধাৰণ লক্ষণসমূহ 70
6.2 বলয়ী প্রাণীৰ শ্রেণীবিভাজন 71
6.3 বলয়ী প্রাণীৰ সমখণ্ডতা 75
অধ্যায়-7 সন্ধিপদী প্রাণী 78-101
7.1 সন্ধিপদী প্রাণীৰ সাধাৰণ লক্ষণসমূহ 78
7.2 সন্ধিপদী প্রাণীৰ শ্রেণীবিভাজন 80
7.3 সন্ধিপদী প্রাণীৰ দৃষ্টিশক্তি 92
7.4 পতঙ্গৰ কায়ান্তৰণ 96
অধ্যায়-8 ম’লাস্কা 102-117
8.1 ম’লাস্কাৰ সাধাৰণ লক্ষণসমূহ 102
8.2 ম’লাস্কাৰ শ্রেণীবিভাজন 104
8.3 ম’লাস্কাৰ টৰচন 111
অধ্যায়-9 কণ্টকচর্মী 118-127
9.1 কণ্টকচর্মীৰ সাধাৰণ লক্ষণসমূহ 119
9.2 কণ্টকচর্মী পর্বৰ শ্রেণীবিভাজন 120
9.3 এষ্টেৰইডিয়াৰ পানী সংবহনতন্ত্ৰ 124
অধ্যায়-10 আদ্যপৃষ্ঠদণ্ডী 128-153
10.1 আদ্যপৃষ্ঠদণ্ডী প্রাণীৰ সাধাৰণ লক্ষণ 130
10.2 আদ্যপৃষ্ঠদণ্ডী প্রাণীৰ শ্রেণীবিভাজন 130
10.3 আদ্যপৃষ্ঠদণ্ডী প্রাণীৰ জাতিবৃত্তান্ত 147
অধ্যায়-11 হনুহীন প্রাণী 154-162
11.1 হনুহীন প্রাণীৰ সাধাৰণ বৈশিষ্ট্য 154
11.2 হনুহীন প্রাণীৰ শ্রেণীবিভাজন 155
অধ্যায়-12 মৎস্য 163-179
12.1 মৎস্যৰ সাধাৰণ লক্ষণসমূহ 163
12.2 মৎস্যৰ শ্রেণীবিভাজন 164
12.3 মৎস্যৰ জাতিবৃত্তীয় ইতিহাস 173
12.4 মৎস্যৰ আসৃতি নিয়ন্ত্ৰণ 175
অধ্যায়-13 উভচৰী 180-190
13.1 উভচৰী প্রাণীৰ সাধাৰণ লক্ষণসমূহ 180
13.2 উভচৰী প্রাণীৰ শ্রেণীবিভাজন 181
13.3 উভচৰী প্রাণীৰ জনকীয় যতন 185
অধ্যায়-14 সৰীসৃপ 191-208
14.1 সৰীসৃপৰ সাধাৰণ লক্ষণসমূহ 192
14.2 সৰীসৃপৰ শ্রেণীবিভাজন 192
14.3 বিষাক্ত সাপৰ লক্ষণ আৰু দংশন কার্য্য 202
অধ্যায়-15 পক্ষী 209-229
15.1 চৰাইৰ সাধাৰণ লক্ষণ 209
15.2 চৰাইৰ শ্রেণীবিভাজন 212
15.3 চৰাইৰ উৰণ ক্ৰিয়াবিধিৰ অভিযোজন 223
অধ্যায়-16 স্তন্যপায়ী 230-254
16.1 স্তন্যপায়ী প্রাণীৰ সাধাৰণ লক্ষণ 230
16.2 স্তন্যপায়ী প্রাণীৰ শ্রেণীবিভাজন 231
16.3 স্তন্যপায়ী প্রাণীৰ উৎপত্তি 250

Edition Notes

Published in
India, Assam
Other Titles
প্রাণী বৈচিত্ৰ্য
Copyright Date
2020

The Physical Object

Format
Paperback
Number of pages
254
Dimensions
24 x 17 x 1 centimeters
Weight
175 grams

ID Numbers

Open Library
OL32194545M
ISBN 13
9788194845799

Source records

amazon.com record

Community Reviews (0)

Feedback?
No community reviews have been submitted for this work.

Lists

This work does not appear on any lists.

History

Download catalog record: RDF / JSON
April 12, 2021 Edited by ImportBot import existing book
April 11, 2021 Edited by Lutfur Rahman Saikia Edited without comment.
April 11, 2021 Created by Lutfur Rahman Saikia Added new book.